হেন শুনি হাস্য কৰি মাতিলা মুৰাৰি।
তোমাকেসে পাতিলোঁ সৃষ্টিৰ অধিকাৰী॥
আমিয়ো কৰিবো তাতে বিনন্দ বিলাস।
তুমি আমি দুয়োজনে কৰিবো নিবাস॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰক কৰি একঠাই।
তিনি গুণে তিনিকো দিলোহো সমুদাই॥
প্ৰকৃতিক শুনাই হৰি বুলিলা বচন।
হৃদয়ৰ মাঝে যাই তুমি হৈবা মন॥
মই পৰমাত্মা ৰূপে কৰিবো নিবাস।
এতেক হৈবেক জানা জীৱৰ প্ৰকাশ॥
হাস্য কৰি কটাক্ষে বুলিলা নাৰায়ণ।
সূক্ষ্ম দেহে ব্ৰহ্মা যে তোমাক দিলে থান॥
হৃদয়ত বিষ্ণু তুমি কৰিবা আসন।
যাক যিবা লাগে দিবা পোষণ পালন॥
মুখৰ মাজত থান দিলোঁ ত্ৰিলোচন।
যাক যেনে ভাল মন্দ বুলিবা বচন॥
ৰজো গুণে ৰাম ৰমিবাহা জগতত।
এতেকতে সৃষ্ট্ৰিখান হৈব উপগত॥
শত গুণে কৃষ্ণ বিষ্ণু নাহি যাৰ অন্ত।
হৃদয়ত থাকি তুমি পালা ত্ৰিজগত॥
মুখত থাকিয়া তুমি ৰুদ্ৰ মহেশ্বৰ।
যাক যেনে সংহাৰ কৰিবা নিন্তৰ॥
মনৰূপে প্ৰকৃতি সবাৰে অধিকাৰী।
তোমাৰ হাতত জীৱ দিলোঁ ৰঙ্গকৰি॥
জলৰ মৎস্যৰ যেন ভিন্ন নাহিকয়।
সেহিমতে মনৰ জীৱৰ এক নয়॥
মনে যত ৰমে জীৱ তৈতে ওপজয়।
মনৰ লগত জীৱ সুখ দুঃখ পায়॥
মনে যেবে কৰে মোত সপ্ৰেম ভকতি।
তেবেসে তৰয় জীৱ মনৰ উতপতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩১৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩৬
অসমীয়া সাহিত্যৰ চানেকি।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/33/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p2.djvu/page317-932px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p2.djvu.jpg)