এহি বুলি হাস্য কৰি মাতিলন্ত হৰি।
লোৱা জীৱ সতী মোৰ বচন সাদৰি॥
তোমাৰ হাতত সমৰ্পিলো জীৱগণ।
তোমাৰে সে অধিকাৰী চৈধ্যই ভুবন॥
গঢ়িবাহা ব্ৰহ্মা দেহ অনেক আকৃতি।
তাৰ মাঝে জীৱ প্ৰাণ দিবাহা প্ৰকৃতি॥
কৃষ্ণৰ আদেশ ব্ৰহ্মা কৰি শিৰোগত।
গঢ়িবে লাগিলা ব্ৰহ্মা কৰি নানা মত॥
প্ৰথমতে পঞ্চতত্ত্ব আদ্য কৰি দিলা।
চৌবিশ তত্ত্বক পাছে তাতে নিৰূপিলা॥
কুণ্ডলী ধৰণী আদি কৰিলন্ত ব্ৰহ্মা।
বাত্তৰি হাজাৰ নাৰী দিল অনুকৰ্ম্মা॥
গঙ্গা আদি কৰি যত আছে তীৰ্থগণ।
নাৰী মধ্যে দিল সবে ৰহিবাৰে স্থান॥
একাদশী আদি কৰি যত পূণ্য চয়।
মাজে মাজে স্থান দিলা বুজিয়া নিৰ্ণয়॥
ত্ৰিদশ দেৱতাৰ যত বীৰ্য্য বল।
দ্বাৰে দ্বাৰে দ্বাৰী কৰি দিলন্ত সকল॥
ঘট পট জীৱ জন্তু সবাকে গঢ়িলা।
যাৰ যেন ভাব সেহিমতে নিয়োজিলা॥
বালিচাঁহী পৰ্য্যন্ত নথৈলা কাৰো বাকী।
সবাৰো দেহক ব্ৰহ্মা গঢ়িলন্ত তাকি॥
নাৰীৰ শৰীৰ গঢ়িলন্ত ভাগমত।
পুৰুষক পাঞ্চ ভাগ গঢ়িলা সাক্ষাত॥
নাৰীৰ শৰীৰ গঢ়িলন্ত সুকুমলি।
দেখা মাত্ৰে পুৰুষৰ মন যায় টলি॥
হৃদয়ত দিলন্ত মদন পঞ্চ বাণ।
দৰশন মাত্ৰে হৰে পুৰুষৰ মন॥
কাল জল দিন ৰাত্ৰি শৰীৰ নিৰ্ম্মলা।
দেহ হেতু ব্ৰহ্মা দেৱে প্ৰকৃতিক কৈলা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩১৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩৪
অসমীয়া সাহিত্যৰ চানেকি।