পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩৩
ভক্তি প্ৰেমাৱলী।

শুনিয়োক ব্ৰহ্মা তুমি বচন নিচয়।
মোৰ বাক্যে সত্বৰে নিৰ্ম্মিয়োক দেৱচয়॥
শুনি ব্ৰহ্মা নম্ৰভাৱে কৰি প্ৰদক্ষিণ।
বিনাইবে লাগিলা চাহি কৃষ্ণৰ চৰণ॥
আপোনাৰ দেহাক স্ৰজিলা ভগৱন্ত।
কিমতে স্ৰজিবো দেৱ নজানোহো তত্ত্ব॥
হেন শুনি স্নেহদ্ৰৱ ভৈলা কৃপাময়।
ব্ৰহ্মাত কহিবে গৈলা মহাতত্ত্বচয়॥
প্ৰথমত পঞ্চ তত্ত্ব কৈলা দেৱ হৰি।
চৌবিশ তত্ত্বক পাছে কহিলা উদ্ধাৰি॥
চন্দ্ৰ সূৰ্য্য বায়ু ইন্দ্ৰ বহ্নি যম আনি।
ব্ৰহ্মাৰ হাতত আনি দিলা চক্ৰপাণি॥
গঙ্গা আদি কৰি যত তীৰ্থ নিৰূপণ।
একাদশ আদি কৰি যত তীৰ্থগণ॥
কুণ্ডলী ধৰণী আছে প্ৰভুৰ নাভিত।
তাৰ এক ভাগ দিলা ব্ৰহ্মাৰ হাতত॥
তাৰ এক ভাগ পূৰ্ব্বে মহেশ্বৰে নিলা।
মহাৰঙ্গ কৰি কৰ্ণে কুণ্ডল পিন্ধিলা॥
মনুষ্যক আদি কৰি আন দেৱগণ।
সবাৰো বস্তুৱে ৰক্ষা কৰা নিৰূপণ॥
উৰণ বুৰণ আৰু গজন ভ্ৰমণ।
সবাৰো দেহক ব্ৰহ্মা কৰিলা স্ৰজন॥
অনন্তৰে যোগবলে প্ৰভু নাৰায়ণ।
স্ৰজিল ইন্দ্ৰিয়গণ প্ৰাণ বুদ্ধি মন॥
প্ৰকৃতিকো ব্ৰহ্মাকো কৰিলা একঠাই।
সম্বোধিয়া নাৰায়ণে বুলিলা বুজাই॥
মোৰ নিজ বীজ শক্তি জানিবা নিশ্চয়।
মোৰ নিজ অংশে জীৱ নাহি পৰাজয়॥
দেহ মাত্ৰ ভগন জীৱৰ নাহি নাশ।
দেহত হৈবেক জানা জীৱৰ নিবাস॥