আনো নানা প্ৰকাৰেৰ জীৱৰ আছে অৰ্থ।
অল্পমতি জন মই নুহিকে সমৰ্থ॥
তিনিগুণে নিৰ্ম্মিয়া আছন্ত মহাহৰি।
প্ৰকৃতিক মাতিলন্ত মহাৰঙ্গ কৰি॥
শুনিয়ো প্ৰকৃতি তুমি মোহোৰ বচন।
মোৰ হৃদয়ৰ পৰা ভৈলা উতপন্ন॥
মোৰ আজ্ঞা সত্বৰে কৰিয়ো মহাসতী।
ধৰা নানা মূৰ্ত্তি তুমি সত্বৰে সম্প্ৰতি॥
ব্ৰহ্মা আদি কৰি যত আছে দেৱগণ।
মায়াৰূপে সবাহাকে কৰিয়া সৃজন॥
ভূমি হোৱা মায়া ময়েঁ হওঁ মহাকাল।
এহিমতে সৃষ্টিখন কৰো তত্বকাল॥
ই যোনিৰ পৰা জীৱ সি যোনিত থৈবা।
মায়াজাল পাতি তাৰ মনক মুহিবা॥
পুত্ৰ ভাৰ্য্যা ধনতেসে হইবে ব্যাকুল।
পাহৰি স্বৰূপে হৈব সম্যকে বাতুল॥
মই নানা মৃত্যু দিবো শুনা প্ৰাণেশ্বৰী।
মহাকাল ৰূপে সংহৰিবো লীলা কৰি॥
মই শ্ৰীকৃষ্ণ পূৰ্ণ সৃষ্টিৰ আদিত্য।
ব্ৰহ্মা মহেশ্বৰে মোক নাপাৰে জানিত॥
কেতিক্ষণে মৃতু হোৱে নাজানে নিশ্চিত।
মোৰ মহা অতৰ্ক্য মহিমা বিপৰীত॥
মহন্ত জনক যেন দুৰ্জ্জনে পীড়য়।
মই কাল চক্ৰ মাৰি তাক কৰো ক্ষয়॥
এতেক মায়াক বুজে যিটো মহাসদ।
তেবে পুত্ৰ ভাৰ্য্যা ধন বিষয় সম্পদ॥
তেজিয়া মৰণ আশা তাৰ ভৈলা শান্ত।
বুজিলে স্বৰূপে তাঙ্ক বুলিয়া মহন্ত॥
এড়িলা দেহৰ স্নেহ শোক মোহ যত।
জানিবা ঈশ্বৰী সিতো উত্তম ভকত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩০৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২৮
ভক্তি প্ৰেমাৱলী।