গুৰু ঈশ্বৰত ভিন্ন বুদ্ধি ভৈলা যাৰ।
সেহিসে নৰকে পৰে গতি নাই তাৰ॥
বিনা গুৰু উপদেশে নতৰয় কেৱ।
সংসাৰ সাগৰে নৌকা আন নাই দেৱ॥
এতেকতে সন্ত সাধু আছে যত যত।
একেবাৰে প্ৰণামো তাহাৰ চৰণত॥
দেৱ পত্নী বিপ্ৰগণ আছে যত যত।
কাৰ্পূণ্য কৰোহো তাসম্বাৰ চৰণত॥
পুত্ৰ ভাৰ্য্যা গৃহবাসে পায়া মায়া ত্ৰাস।
ভক্তি প্ৰেমাৱলী পদ কৰিবো প্ৰকাশ॥
সকলো শাস্ত্ৰৰ বিচাৰিয়া সাৰতত্ব।
এক বাক্য কৰি আনি লিখিলো সমস্ত॥
হেন বা পাতকী মুখে তৰো মায়া ত্ৰাস।
সন্ত অনুগ্ৰহে তাকে কৰিয়াছোঁ আশ॥
অল্পমতি জ্ঞান শূন্য মূৰ্খ অতিশয়।
পণ্ডিত সবৰ নিন্দিবাৰ ধৰ্ম্ম নাই॥
পণ্ডিতেসে শিখা দেয় মূৰ্খে হেনজানি।
কোননো পণ্ডিতে বুলিয়াছে নিন্দাবাণী॥
যদি নিন্দা কৰে তবু মোৰ চিন্তে হিত।
সমস্ত পাতক দহি কৰয় পবিত্ৰ॥
মোৰ পদ বুলি নধৰিবা গুণ দোষ।
কৃষ্ণৰ চৰিত্ৰ শুনি হইয়ো সন্তোষ॥
যেন এক চাকোলা থাকয় অন্ধকাৰে।
পসাৰক আঠুকাঢ়ী যাই ধীৰে ধীৰে॥
সি মত চাকোল জানা মোৰ বুদ্ধি মন।
পসাৰক যাইতে মই কৰোহো যতন॥
এতেকতে কৃষ্ণৰ চৰিত্ৰ জোতিৰ্ম্ময়।
সেহি জ্যোতিৰূপে মন ভৈলেক বিক্ৰয়॥
যেন মধুকৰে মধুৰস লৱে টানি।
কৃষ্ণৰ চৰিত্ৰ মধু লৈলা মনে জানি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩০৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২৫
ভক্তি প্ৰেমাৱলী।