নবোত্তম ঠাকুৰ।
ভক্তি প্ৰেমাৱলী।
জয় জয় কৃষ্ণ ইষ্ট জগতৰ গুৰু।
কাৰণৰো কাৰণ পূৰ্ণ্ণব্ৰহ্ম কল্পতৰু॥
যাৰ কটাক্ষতে হোৱে সৃষ্টি স্থিতি লয়।
প্ৰকৃতি সহিতে তিনি গুণৰ নিৰ্ণয়॥
নাহি আদি অন্ত যাৰ নাহি পূৰ্ব্বাপৰ।
তথাপিতো দেখা কেনে বশ্য ভকতৰ॥
হেন মহেশ্বৰ বিষ্ণু নিত্য নিৰঞ্জন।
সদায়ে প্ৰণামো তান অৰুণ চৰণ॥
তাহাৰ অমূল্য ৰত্ন ভকতি নিঃশেষ।
গুৰু মুখে পাই মই কিছু উপদেশ॥
তাহাৰ চৰিত্ৰ সংসাৰতে সাৰ জানি।
গুৰু বাক্য হৃদয়ত ধৰি অনুমানি॥
সংসাৰ সাগৰে জানা গুৰুসে সাৰ।
ভৱবন্ধ গুচাই কৰে সংসাৰৰ পাৰ॥
গুৰু বিনে পৰম বান্ধৱ আন নাই।
গুৰুক চিনিলে চিনিবাৰ ঠাই নাই॥
গুৰু কৃপা কৰে যাক হোৱে সৰ্ব্বসিদ্ধি।
গুৰু নিজ পিতা মাতা বিধাতাৰো বিধি॥
হৰি গুৰু বৈষ্ণৱক কৰি একঠাই।
অনায়াসে সংসাৰক তৰে সমুদাই॥
লভিলা তিনিয়ো তত্ত্ব ভৈলা কৃতকৃত্য।
শোক মোহ এড়াই সিতো জীয়ন্তে মুকুত॥
এতেকতে গুৰু বৈষ্ণৱৰ ভিন্ন নাই।
একে আত্মা একে গুৰু জানা সমুদাই॥