যদুমণি দেবে যাই নাহৰ আটিত।
বৈশাখৰ কৃষ্ণ ত্ৰয়োদশী যে তিথিত॥
দেহ এড়ি গৈলা যেবে বৈকুণ্ঠপুৰক।
শুনি দেৱে বিস্তৰ কৰিলা কান্দি শোক॥
মহন্তৰ আজ্ঞা ধৰি দুয়ো আসিলোহো।
তেহে বাপু গৈল আবে আমি ৰহিলোহোঁ
দেশে দেশে বহুত মহন্ত গ্ৰামীগণে।
শুনি উপবাসে থাকি গৈল শোক মনে।
বিস্তৰে আসিয়া মহোৎসব কৰিলেক।
কতো দেশে দেশে সভা কৰি ৰহিলেক॥
তানে পতিব্ৰতা সতী পন্মি ৰহিলন্ত।
জেষ্ঠ পুত্ৰ সমে পাছে সত্ৰ ধৰিলন্ত॥
আপুনি গোপাল দেৱে যাক বিহা দিলা।
জেষ্ঠ পুত্ৰ সমে আসি দেৱক নমিলা।
জগতানন্দক দেৱে শিখাইলা বিস্তৰ।
যেমনে ধৰিবে পাৰে ধৰ্ম্মক সন্তৰ॥
দগুৱতে দেৱক প্ৰণামি বাৰম্বাৰ।
আসিলন্ত দুয়ো পায়া আনন্দ অপাৰ॥
স্থল এহি মানে কহিলোহো কথা সাৰ।
দেৱ গোপালৰ কথা কিছো কহো আৰ॥
পুৰোহিত দেৱৰ ভাৰতী দুয়োজন।
অনন্ত মুৰাৰি নিত্যানন্দ সনাতন॥
হৰি মিশ্ৰ আদি পূৰ্ব্ব দেশৰ মহন্ত।
খৰঙ্গি পাঠক আদি পশ্চিমৰ সন্ত॥
উজানীয়া কানু আদি আনো মহাজন।
শ্ৰীকৃষ্ণ আদি সাধু ঠাকুৰৰ গণ॥
বড় কন্দলিক আদি যতেক পণ্ডিত।
প্ৰৱৰ্ত্তি আছয় মানে হৰি ভকতিত॥
তেসম্বে সহিতে কথা দেৱ গোপালৰ।
কতেক কহিবো কথা আছয় বিস্তৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৯৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১৬
অসমীয়া সাহিত্যৰ চানেকি।