পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১৫
বংশীগোপাল চৰিত্ৰ।

শ্ৰাদ্ধবিধি একাদশী কিছো নমানয়।
মহাপাপী হুয়া সবে পড়িবে নিশ্চয়॥
দেৱে বলে বাপু তুমি আমি আনোজন।
এক প্ৰীতি কৰি কাল গৱাইলো সঘন॥
তোমাৰ আমাৰ ভকতৰ ভেদ নাই।
বৌধে ধৰ্ম্ম নাশি কাৰ উড়ৱাইবে ছাই॥
যাৰ যাৰ মহাভাগ্য আছয় পূৰ্ব্বত।
অৱশ্যে পড়িবে সিতো সন্তৰ ধৰ্ম্মত॥
যি সব অভাগি পাপ বাসনা বহুত।
এহিসে অভাগি পুনু নুহিবে মুকুত॥
হৰিৰ নিৰ্ম্মাল্য পদজল প্ৰসাদত।
হৰিপূজা দণ্ডবত গীতা ভাগৱত॥
ইসব প্ৰমুখ্যে আনো হৰিৰ সেবাক।
নিন্দা কৰি ফুৰে যিতো সিততা বৌধঝাক॥
মহামহন্তৰ ধৰ্ম্মপথক নমানি।
ধৰ্ম্মাধৰ্ম্মিস্থক নিন্দা বাঞ্ছে চাউল কানি॥
মহামূৰ্খ অজ্ঞানী লোকৰ মাঝে যাই।
সতকাৰ লভি ফুৰে মহন্ত বোলাই॥
মহন্ত সকলে ধৰ্ম্ম কৰিলা প্ৰকাশ।
তাক নিন্দা পাপী সব হোৱে সৰ্ব্বনাশ॥
এহিমতে আনো কথা কহিলা বিস্তৰ।
যেন যেন মতে প্ৰীতি পূৰ্ব্ব মহন্তৰ॥
যদুমণি দেব আদি মহন্ত সকলে।
শুনি শুনি আনন্দে গৈলন্ত কৌতুহলে॥
সংবশে তৰিলোঁ বুলি লস্কৰে মানিলা।
দেৱেৰন্ন ভাৰতীৰ গৃহে থাকি গৈলা॥
পিতামহ মাতামহ কৃতাৰ্থ ভৈলন্ত।
ৰহস্য ৰহস্য কথা সুধিয়া লৈলন্ত॥
এহিমতে সন্ত সবে এক প্ৰীতি কৰি।
জগতকে নিস্তাৰিলা হৰি ভক্তি ধৰি॥