এহি ঘোষা দিবা নিয়া দেৱৰ হাতত।
এতেকে জানিবা গুৰু মোৰ অভিমত॥
সিসব মতক মই নাহি কহিবাৰ।
তাক কহে যিতো সিতো নোহয় আমাৰ॥
এহি বাণী ঠাকুৰৰ আনো মহন্তৰ।
সেবা কৰি আজ্ঞা লৈয়া সবে মহন্তৰ॥
আসি পাছে সবে কথা কহিলা দেৱত।
দেৱে শুনি মহাতুষ্টি লভিলা মনত॥
নব ঘোষা সঞ্জাত ভৈলেক ঠাকুৰৰ।
ঠাকুৰক প্ৰশংসা কৰিলা বহুতৰ॥
আৰু এক কথা শুনা বহু মহন্তৰ।
থাকি বনবাস মধ্যে গৃহে লস্কৰৰ॥
দেৱ আছে শুনি আইলা আধলিয়া দেৱ।
আসিল শ্ৰীহৰি দেৱ কৰিবাক সেৱ॥
আনো বড় বড় মহাজন আসিছন্ত।
মোৰ পিতামহ মাতামহ আসিলন্ত॥
যদুমণি দেৱ সমে দেৱ গোপালৰ।
উঠিল পূৰ্ব্বৰ প্ৰীতি কথা বহুতৰ॥
যদুমণি দেৱে বোলে দেৱ গোপালক।
তযু সঙ্গে আমি আসিলোহো ইদেশক॥
মহন্ত সবৰ দৃঢ় বচনক ধৰি।
এতেকাল বঞ্চো আমি মহাপ্ৰীতি কৰি॥
কৃষ্ণৰ কৃপাত ৰৈল মহন্তৰ বাক।
নপাইলেক ধৰ্ম্মঘাতী তোমাক আমাক॥
তুমি শুদ্ধ ব্ৰহ্মচাৰী মহাভাগৱত।
কিনো নিসিজিল মোৰ তোমাৰ বাক্যত॥
আবে শুনু কতো তযু বাক্য এড়ি যাই।
বৌধ হুয়া ধৰ্ম্ম নাশি ফুৰে ঠাই ঠাই।
মহা মুৰ্খ অধমক হয় স্বেচ্ছামত।
নামানে তুলসী শালগ্ৰাম ভাগৱত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৯৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১৪
অসমীয়া সাহিত্যৰ চানেকি।