দেৱ গোপালৰ সঙ্গে ভকত বিস্তৰ।
হেন শুনি ভণ্ডাৰী গোহাইৰ ভৈল ডৰ॥
দূত পঠাইলেক কহি গোপাল দেৱত।
ভক্ত খেদিলে সে পাৰো ৰাখিতে ভয়ত।
ভক্ত নেখেদিলে আমি ৰাখো কেনকৰি।
প্ৰচগু নৃপতি মাৰিবেক পাছে ধৰি॥
শুনি দেৱে কোপ কৰি সিদ্ধান্ত দিলেক।
শুকৰ ভক্ষকে কুনু মোক ৰাখিবেক॥
শ্ৰীকৃষ্ণে যাক যিকালত যিবা কৰে।
তাক কি কৰিবে পাৰে নিলাজ বেডৰে॥
মই হুইবে মানি আছোঁ তাহাকে ৰক্ষক।
নিলাজ কুতায়ে বুলি পঠাইলে কিসক॥
দূতে দুঃখ মনে গৈয়া সমস্তে কহিলা।
শুনি বড়ুয়াৰ বড় আনন্দ মিলিলা॥
কিনো মোৰ মহাভাগ্য আছে পূৰ্ব্বৱত।
দেৱে মোক ভৃত্য বুলি ধৰিছা মনত॥
মহাপাত্ৰ ৰাজাৰ বুলিয়া নামানিলা।
নানা নিন্দা বাক্য বুলি ভৃত্য শিক্ষা দিলা॥
এহি বুলি দূতক কৰিলা সতকাৰ।
অপূৰ্ব্ব প্ৰসাদে মোক কৰিলা উদ্ধাৰ॥
শুনা সাধু সব ভাৱ দেৱ গোপালৰ।
কাহাতো অপেক্ষা নাই ঈশ্বৰত পৰ॥
তেজস্বী মহন্তো সবে যাৰ লাগ পাই।
ভয়ত কাম্পন্ত বাক্য থিৰ নুহি কাই॥
গুণগ্ৰাহী মহন্তৰ স্বভাৱ কহিলোঁ।
বিষয়ী সবৰ তেন স্বভাৱ শুনিলোঁ॥
নামে বড়ফুকন ৰাজাৰ পাত্ৰ হয়।
বত্ৰিশ সহস্ৰ লোক যাহাত খাটয়॥
এক দিনা তেহো বহু নৌকায়ে ঠেকিলা।
অল্প ভক্ত সমে দেৱ গোপাল আছিলা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৯২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১১
বংশীগাপাল চৰিত্ৰ।