তাসম্বাৰ আৰ সুখ শান্তি নভৈলেক।
মহাশোকে থানে থানে পলাই ৰহিলেক॥
কলাবাড়ি গ্ৰামে ৰৈল শ্ৰীহৰি গোহাই।
ৰামচৰণ আতা কাঙ্কেত সোমাই॥
বৃহত দেৱৰী বাপু ধনখাল গ্ৰামে।
যাদব আতা ৰহিলেক কচুদোপ নামে॥
আনো কত গুটি মানে বৈষ্ণৱ ৰহিলা।
দেশে দেশে ৰৈল কতো শোকত মৰিলা॥
স্নেহৰ বিষয় এক বনমালী সন্ত।
ঝগৰৰ আগতে শৰীৰ এড়িলন্ত॥
যাক প্ৰতি শোক দেৱ গোপাল কৰিলা।
ভকতৰ দুহখ তেহো একো নেদেখিলা॥
শ্ৰীহৰি প্ৰমুখ্যে যত মহন্ত আছয়।
দেশে দেশে ৰৈল কতো শোকতে মৰয়॥
কিবা গ্ৰামী কিবা ভক্ত সমস্তে প্ৰজাৰ॥
কিবা শুনু বুলি হিয়া কাম্পয় সবাৰ॥
যিবা যৈতে যাক পায় তাহাতে পুছয়।
কহিয়োক বাৰ্ত্তা বাপু জুৰাউক হৃদয়॥
উজানিৰ পৰা যদি জনেক আসয়।
নৰ নাৰী প্ৰজা যাই আৱৰি পুছয়॥
যদি তাৰ মুখে ভাল মন্দ নপাৱয়।
অসন্তোষ হুয়া দুঃখে গৃহক চলয়॥
গৃহস্থ ভক্তৰ মন নপড়ে গৃহত।
বৈষ্ণবৰ চিত্ত নপৰয় প্ৰসঙ্গত॥
গড়গ্ৰামে বৈষ্ণৱৰ যি ভৈল অৱস্থা।
দিনাচয়কৰ পাছে শুনিলেক কথা॥
দেৱে সমে মাৰিলেক সকলে ভকত।
এহি কথা দেশে দেশে উঠিলা লোতক॥
যেহি দিনা ইটো কথা উঠিলা সাম্প্ৰত।
আকাশী সৰগ যেন পড়িল মুণ্ডত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৮৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০৫
বংশীগোপাল চৰিত্ৰ।