পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০১
বংশীগোপাল চৰিত্ৰ।

ভণ্ডাৰী বড়ুয়া আৰু চেঙ্গধৰা
ভণ্ডাৰী গদাধৰ।
গৃহত আছয় তিনিসে জনয়,
নজানয় আন নৰ॥
দেশে দেশে যত হৰিত ভকত,
পলাই ৰৈল গুপ্ত হুয়া।
সবে প্ৰজাগণে কান্দয় সঘনে,
দেবক মনে স্মৰিয়া॥
শুনা সাধু যত সকলে কালত
সুখ দুঃখ দুই ফল।
ঈশ্বৰে দিৱয় কেহো নবাধয়,
ভুঞ্জয় প্ৰাণী সকল॥
বসুদেব দৈবকীত আসি কৃষ্ণে,
অবতাৰ ধৰিছন্ত।
তথাপি তাৰাক বংশক নিমিত,
কৰিয়া দুঃখ দিলন্ত॥
একান্ত ভকত পাণ্ডব বৰ্গক
বহুত আপদ দিলা।
আন ঠাই ঠাই যত দেখা পাই,
কৃষ্ণৰেসে সবে লীলা॥
জনম মৰণ যাৰ যৈত হয়,
নিমিত মাত্ৰ কেবলে।
এতেকে মহন্তে কহে এহি মানে,
কৃষ্ণেসে দেন্ত সকলে॥
হে প্ৰান কৃষ্ণ তুমি মোৰ ইষ্ট
দেৱতা বান্ধব স্বামী।
সুহৃদ বান্ধব সহায় ঈশ্বৰ,
জানিয়া ভজিছোঁ আমি॥