পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯৭
গীত।

ৰমণী ৰমণ যেৰূপ আছিল,
 সেৰূপ হুবেক সয়ে।
ভাৰ্য্যা পুত্ৰ মিলি   হাতে যোণ্ড ধৰি,
 মুখত জুই দিয়য়ে॥
ৰাম নাম এড়ি   আন সে ভাবিলি,
  তাহাৰ লভিবি ফল।
ভাৰ্য্যাত পুত্ৰত  লালনা কৰিলি,
  তেজিল সিতো সকল॥
কহে অনিৰুদ্ধ   হৰিৰ নামত,
  হুয়োক ঝাণ্টে সমুখ।
হৰিত ভজিয়া   হৰি নাম লৈয়া,
  বঞ্চিয়ো সংসাৰ দুখ॥

⸺⸺

ৰাগ শ্যাম-গড়া।

বুঝাহু পণ্ডিত শাস্ত্ৰক বাণী।
ভাগৱত বুলি যাক বখানি॥
আগম নিগম তৰ্ক পুৰাণ ভাৰত।
ইতিহাস তন্ত্ৰ মন্ত্ৰ আনো শাস্ত্ৰ মত॥

হৰিত মেলাৱে বাদ নজানে তত্ত্বক।
সাধ্য সাধন হীন নেদেখে নামক॥
ভকতিৰ ফল যিতো ভক্তি সে নিশ্চয়।
আন শাস্ত্ৰে আক সাধিবাক নপাৰয়॥

সাধু মুখে ভাগৱত শাস্ত্ৰক জানিয়া।
সমস্তে সাধন শ্ৰম হন্তে মুক্ত হুয়া॥
তেবে সে লভিবে গৈয়া ভক্তি শুদ্ধ মত।
কহে অনিৰুদ্ধে দেখি গুৰু প্ৰসাদত॥

⸺⸺