পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯৫
গীত।

বিষয় ৰসত ডুবি   পাপক নমন কেনে,
  তনু গিলে কাল অজগৰে।
কাৰো কলা কাৰো অৰ্দ্ধ কাৰো গ্ৰাৱ সম পাইলে,
  তথাপি গোবিন্দ নুসুমৰে॥
যদি সৰ্ব্ব গ্ৰাহ কৰি গিলয় শৰীৰ যেবে,
  তেবে তাক বুলিয় মৰণ।
নৰ দেহ ভাৰত— বৰিষ সৎগুৰু সঙ্গ,
  সবে ভাগ্য গুচে তেতিক্ষণ॥
যাৱে নতু ধৰে কালে হৰি পদে ভজ ভালে,
  হৰি গুণ কৰিয়া কীৰ্ত্তন।
পৰম পামৰ মতি কহে অনিৰুদ্ধে যদি,
  হৰি পদে পশিয়া শৰণ।

⸺⸺

ৰাগ বঙ্গ ভাঠিয়ালী।

  পাণ্ডেই কেনে নমন মনে।
বৈবস্বত দূতে যেখনে ধৰয়ে,
  ৰাখিবে কোনে তেখনে॥
ভাৰ্য্যা পুত্ৰ যত সুহৃদ সোদৰ,
  আৰাৱ কৰে ক্ৰন্দন।
উৰ্দ্ধশ্বাস হুয়া নয়ন ঘূৰাৱে,
  কাহাতো নপড়ে মন॥
যো তনু আপুন বুলিয়া সদায়ে,
  অপতন মানি মনে।
সোই তনু কুটব গৃদ্ধি লুটব,
  বঞ্চকে তানে যতনে॥
ৰূপ ৰস গন্ধ পৰশ শবদে,
  যাহাত কাল প্ৰকাশ।
তনুৰ বিয়োগে সবে দূৰ যাবে,
  যাতনাত হুইবি ত্ৰাস॥