পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯১
গীত।

যুগ ধৰ্ম্ম খণ্ডি  কীৰ্ত্তনক দণ্ডি,
  ভক্তকো নিন্দিয়া যাই।
তেবে কোন গতি  হুইবেক শাস্ত্ৰত,
  বিচাৰি দেখিয়ো চাই॥
যাক মহাজনে  ভাৱাৰ্থ দেখাই,
  পৰমাৰ্থ কৰে সাৰ।
পৰমাৰ্থ ভাঙ্গি  ভাৱাৰ্থ ভাঙ্গিয়া,
  ই কোন তত্ত্ব বিচাৰ॥
সত্য যুগে ধ্যান  ত্ৰেতা যুগে যজ্ঞ,
  দ্বাপৰ যুগত পূজা।
কলিৰ যুগত  কীৰ্ত্তনত পৰে,
  আৱৰ নাহিকে দুজা॥
কহে অনিৰুদ্ধ  মহন্ত সবে সে,
  জানয় শাস্ত্ৰৰ মৰ্ম্ম।
শাস্ত্ৰ এড়ি পাৰ  গৰ্জ্জে যাই মাত্ৰ,
  নজানি যুগৰ ধৰ্ম্ম॥

ৰাগ আসোৱাৰি।

শৈশৱ গৈলযে ক্ৰীড়ণ ৰঙ্গে।
গঞাঁইলোঁ যৌৱন বিষয় সঙ্গে।
আবে ভৈল আসি বয়স ভাঠি।
ভাগিল মাগুলি ধৰিলোঁ লাঠি॥

জল্পন শিল্পন সম্ভোগ গতি।
কেহো নচলয় বিষয় প্ৰতি॥
নাসা চক্ষু মুখ শ্ৰৱণ হীন॥
বিষয় কাৰ্য্যত ভৈল বিহীন॥