পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৮
অসমীয়া সাহিত্যৰ চানেকি।

ৰাগ শ্ৰীগৌৰী।

গোবিন্দ চৰণ ধন ভজ মেৰি মন।
আন যত ধন দেখি সবে অকাৰণ॥
যেন সৰিতিৰ জল বৰিষাত বৃদ্ধি পাই।
পুনু ৰবি ৰশ্মি লাগি তাতে হোৱে চাই॥

দ্ৰবিণৰো সংযোগ বিযোগ তেত্যু হয়ে।
মনে পুৰুষৰ সুখ দুঃখ কহিৱয়ে॥
পোষন্তে আনন্দ দেই তেজন্তে নিকাৰ।
পণ্ডিতে নমানে সত্য কৰিয়া বিচাৰ॥

এতেকে দৈন্যৰ হেতু যত ধনজন।
পৰি পদ যুগ সৰ্ব্ব সুখৰ কাৰণ॥
অসত্যত ভৈল সত্য প্ৰত্যয় নজানি।
এতেকেসে সুখ দুঃখ লৱে মনে মানি॥

ভকতি ভৈলেসে আক নিতৰিবে পাৰি।
কহে অনিৰুদ্ধ মূঢ় পাপী অনাচাৰী॥

ৰাগ বেলোৱাৰ।

গোপাল সোণাৰ প্ৰভু দেহ দৰিশন।
মহন্তক নেদেখিলে নৰহে জীৱন॥
খং মধ্যে বলাহকে গৰ্জ্জে যেতিক্ষণ।
শৈলাগ্ৰে বৰিহা নৃত্য কৰে তেতিক্ষণ॥

লক্ষ যোজনৰ মধ্যে মাৰ্ত্তণ্ড ও হৱে।
নীৰত নীৰজ বিকশিত হুয়া ৰৱে॥
যেবে অশুঙ্গত সুৰ ভৈল যেতিক্ষণ।
পুস্কৰ গোষ্ঠীৰ মাৰি মিলে তেতিক্ষণ॥