পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৫
গীত ৷

(ঝুমড়া—) এ ভাই কমনে কৰ বিছাৰ৷
 প্ৰচণ্ড বেগৰ ঠাঠে ৰুহি আছে উমানন পৱাগাৰ॥

গন্ধৰ্ব্ব কটক গোটে গোটে পড়ি,
 আগতে মৰিয়া যাই।
তৃষ পাইকৰ, হাজৰা পড়য়,
 ৰঙ্গ কৰ তাকে চাই॥
ৰত্ন কৰ গোট আগতে পৰয়,
 আনন্দ কৰ অধিক।
সকলে কটক পাৰিয়া নিলেক,
 উমানন পৱা কিক॥
শিলাঞ্চাৰ গড় ভাঙ্গিয়া কটক,
 ইটাৰ গড় খসাই।
তথাপি নিসাৰে আছ কেনে ভাই,
 অগ্নিৰ গড় নিমাই॥
প্ৰচণ্ড বেগৰ বহিনী সুন্দৰী,
 জৰা আসি লাগ পাই।
অলক্ষিত ভাৱে পুৰুষক পাই,
 স্বামী বৰিলেক তাই॥
তেজ মাংস যত আগতে শোসয়,
 ছাল হোৱে সোটা সোট।
ভাই ভনীয়ে নগৰ বেঢ়িয়া,
 দিয়ে আতিবৰ ছোট॥
যৱন পাইকে দুৱাৰ ভেটয়,
 ওল্‌টাই শকতি নাই।
ভয়ে নৃপতিয়ো গৰ্জ্জিবেক লৱৈ,
 সাতো পুৰুষক চাই॥
মৃত্যুয়ে নিকট চাপিলেক আসি,
 নিবেক ডোল লগাই।
তথাপিতো তাৰ ইতো বিমৰিষ,
 মনৰ অগ্ৰতো নাই॥