পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৪
অসমীয়া সাহিত্যৰ চানেকি ৷
অপায়ে ৰহিত,  নিৰপায়ে থিত,
সুখক দিয়ন্তা,  ওহিসে তাৰস্তা,
সেহি সে পণ্ডিত,  নামতেসে চিত্ত,
কৰিয়া পিৰিত,  হৰয়ে দুষিত,
বিচাৰিয়া বিধি,  বেদকহু চাৰি,
ৰাম নাম ধৰ্ম্ম,  থৈলাহ উদ্ধাৰি,
যুধিষ্ঠিৰ ৰাই,  কৰি ৰাজসূই,
পুচিলা কৃষ্ণত,  কোন শ্ৰেষ্ঠ তত্ত্ব,
তুলিয়া কিৰিটি,  সত্য কৰি ডাটি,
নাম বিনে আন,  ধৰ্ম্ম নাহি জান,
সমস্ত বাদীৰ,  গৰ্ব্ব ভৈলা চুৰ,
কৃষ্ণ বাক্যে কৈলা,  সংশয়ক দূৰ,
শুকে পুচিলন্ত,  ৰাজা মহাসন্ত,
ভাগৱত শুনি,  কি পালা আপুনি,
ইতো শাস্ত্ৰে প্ৰাণ,  নেদেখিলোঁ আন,
কৃষ্ণেসে দেৱতা,  নামেসে তাৰন্তা,
আত পৰে আৰ,  নাহি নাহি সাৰ,
পৰীক্ষিত বাক্যে,  প্ৰমাণ ইছাৰ
নাম ধৰ্ম্ম তত্ত্ব,  ৰৈলেক শাস্ত্ৰত,
জানিয়া নামত,  শঙ্কা কৰা হত,
কলি যুগে নাম,  ধৰ্ম্ম অনুপাম,
ৰামক নাম,  তৰণী উপাম,
ভকতক ধন,  অমূল্য ৰতন,
কহে অনিৰুদ্ধে,  বোলা ৰাম ৰাম,

____