ইন্দ্ৰিয়ে ভোগয় ভোগ বিষয়ক জানি।
মই ভুঞ্ছ বুলি তাক মানয় অজ্ঞানী॥
স্বভাৱতে মন্দ যাৰ বিষয়ত ৰতি।
জানি তাক জ্ঞান দিয়া নচালেয় মতি॥
সখি পুনু তুমি এবে মোৰ বোল কৰা।
সকালে শাস্ত্ৰৰ সাৰোত্বৰ কৰি ধৰা॥
মই ঈশ্বৰত কৰ্ম্ম অৰ্পিবা সকল।
কদাচিত তাৰ তুমি নলৈবাহা ফল॥
নোহও স্বতন্ত্ৰ মই ঈশ্বৰেসে স্বামী।
যেহি যেহি কৰ্ম্মক কৰন্ত অন্তৰ্য্যামী।
তানে আজ্ঞা পাই মই কৰো তাকে তাক।
এহি মনে ধৰি যুজি মাৰো শত্ৰু জাক॥
বন্ধু বধ নিমিত্তক এৰিবা তাপ।
স্বধৰ্ম্ম কৰন্তে তোমাক নপাইবেক পাপ॥
এহিমতে মোৰ অলৌকিক হেন জানি।
পৰম শ্ৰদ্ধায়ে আচৰয় যিবা প্ৰাণী॥
বেদক ৰাখন্তে কৰায়ন্ত কৰ্ম্ম যত।
হেন সব দোষ দৃষ্টি এড়িয়া আমাত॥
স্বৰ্গ নৰকক আদি কৰি কৰ্ম্মফল।
সেহি পুৰুষক জানা এৰয় সকল॥
যিতো এহি মোৰ নিজ মত নকৰয়।
আনক বিবাদ কৰি আমাক নিন্দয়॥
বিস্তৰ শকতি তাৰ নাহিকে শাস্ত্ৰত।
এতেকেসে পাপিষ্ঠে নলৈব মোৰ মত॥
কৰ্ম্মতো জ্ঞানতো বুদ্ধি নোহয় নিপুণ।
জীয়ন্ততে মৰা তাক জানিবা অৰ্জ্জুন॥
ইন্দ্ৰিয়ক নিয়মিয়া এৰি কৰ্ম্মফল৷
স্বধৰ্ম্ম কৰিয়া তৰে নৰক সকল॥
কৃপাময় গোপালে বোলয় তেবে শুনা।
পৰম ৰহস্য কহো মনে ধৰি গুণা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৬০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭৯
গীতা-কীৰ্ত্তন।