পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬৭৬ অসমীয়া সাহিত্যৰ চানেকি। ' বাটন্তে অনেক বীজ শতেক হোৱয় নষ্ট পাঞ্চ হিংসা গৃহস্থৰ ধৰ্ম্ম। বলে বিশ্বদেব কৰি | সবদোষ পৰিহৰি সুখে থাকে দেৱৰ লোকত। যিতো পুনু মন্দভাগি আপুনি যাইবাক লাগি অমুক বান্ধয় সৰ্বদাই। নাহি ইষ্টদেৱ তাৰ : আতি সিতো পাপাচাৰ অন্ন নোহে পাপ মাত্ৰ খাই। পাপ পুণ্য অৱদানে অৱশ্যে চন্দ্ৰমা থানে লিখিল যতেক জীউজাক। চন্দ্ৰ ৰশ্মি সমে গতি | শষ্য ৰূপে পৰে নিতি | পায়ে সৰ্ববলোকে খাই তাক। পিতৃৰ ৰেটস বসে | মাতৃৰ শোণিত সঙ্গে উপজয় যত যত প্ৰাণী। • বৃষ্টিত উপজে অন্ন | বৃষ্টি যজ্ঞভুতপন্ন | যজ্ঞ কৰ্মত হুইবেক জানি। কৰ্ম্ম বেদত জতি | বেদত পৰম্ভ খতি ব্ৰহ্ম সৰ্ব কৰ্ম আছে ব্যাপি। কৃষ্ণৰ দাসৰ দাস | ৰত্নাকৰ মিশ্ৰ ভণে ৰাম ৰাম বোলা সবে ডাকি। ঘোষা। এ কৰা দয়া কমললোচন দেৱ স্বামী। তোমাৰ ভকতিক মনে কৰে উৰ্দ্ধগামী। পদ। আপুনাত যাৰ প্ৰিতি সন্তু ভৈল চিত্ত। ব্ৰহ্মানলে যিজনে ভৈলেক নিবৃত। আপুনাত তুষ্ট ভোগ ইচ্ছা নাহি যাৰ। তাহাৰ জানিবা কন্মে নাহি অধিকাৰ। কৰ্ম কৰিলিয়ো পুণ্য নপায়ে বিস্ত। নকৰিলে পাপ তান নপাৱে ওচৰ।