৬৭৫
গীতা-কীৰ্তন।
মাধৱৰ আৰাধন
বিনে যত কৰ্ম্মগণ,
সংসাৰত সুখ দুখ দুই।
উদ্যোগী বিস্তৰ প্ৰতি, কৰ্ম্ম কৰে মোৰ নিতি,
| সিতো কন্মে বৈকুণ্ঠক নেই।
এবে তুমি হেন জানি, বিষ্ণুৰেসে প্ৰিতি মানি,
নিত্য কৰ্ম কৰা যত ষত।
নলৈবাহা ফল ধৰ্ম্ম তাৰ, জানিয়া বচন সাৰ,
মোহোৰ এহিসে অভিমত।
শুনা আৰৰ কহহ কথা, | ব্ৰহ্মায়ে কহিলা যথা,
পূৰ্বে প্ৰজা সুজি প্ৰজাপতি।
নানা যজ্ঞ সমন্বিতি,
শুনা সবে এক চিতি,
মোৰ বাক্যে কৰিবাহ বতি।
এৰি নানা যজ্ঞ কৰা,
আমাৰ বচন ধৰা,
পুত্ৰে পৌত্ৰে বাত্যিবাস ফল।
নেদেখিবা আক অল্প। নোহহ মোৰ ব্ৰহ্ম কম,
অভিমত পাই তেবে ফল।
যজ্ঞ দেৱগণ জয়া, | মোৰ বাক্যে সবে প্ৰজা,
ভেবে দেৱগণ হইবে তুষ্টি।
বাঢ়িবাহ ধনে জনে, | যাবে চন্দ্ৰ সূৰ্য্য মানে,
| অনুকুলে কৰিবেক বৃষ্টি।
দেৱতাৰ বৃষ্টি জলে, শষ্য বাঢ়ে অবিকলে,
| দেৱক নেদিয়া যিতো খাই।
দুৰ্জন টেন্টন আতি, | সেৱা লয়ে কপট পাতি,
সেহিজন জানা চোৰ প্ৰাই।
জন্তে কতেক পলু, পিম্পৰা মৰিয়া যাই,
কাটন্তে কতেক বীজ হানি।
বান্ধন্তে যতেক কীট • পত পৰিয়া মৰে
কলসৰ পৰি পৰি পানী। .....
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৫৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
