পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৭৩ গীতা-কীৰ্ত্তন। সংশয় জনৰ বাণী, বুলি যেন চক্ৰপাণি, মোহে যেন কৰে মোৰ মন। কৰ্ম্ম যেন অনুসৰি, | এক গোটা নিষ্ট কৰি, উপদেশ দিয়া নাৰায়ণ। তবুউপদেশ পাই, আতি অপ্ৰয়াসে যাই, তৰৰ যেন সংসাৰ সাগৰ। বাক্য শুনি অৰ্জুনৰ, কৃপাময় দামোদ, হাসি হাসি বুলিলা উত্তৰ। দ্বিতীয় অধ্যায়ে জানি, অধিকাৰি ভেদ মানি, কহিলা আদি বিদ্ধ প্ৰকাৰ। মন শুদ্ধ ভৈল যাৰ, জ্ঞান যোগ কৈলে তাৰ, আমাক চিন্তিৰে বাৰে বাৰ। শুদ্ধ নোহে যাৰ মন, বিষয়ক ঘনে ঘন, চলে মোৰ ভিতিক নই। কৰ্ম্ম যোগ তাক লাগি, কহিলও মাত্ৰ ত্যাগি, | চিত্ত শুদ্ধি কৰণ উপাই। অৱশ্য বিহিত যত, সমপিয়া ঈশ্বৰত, কৰ্ম্ম যোগ নকৰয় যায়ে। নাহি তাৰ চিত্ত শুদ্ধি, সুপজয় জ্ঞান বুদ্ধি, কেন মতে সিতো জ্ঞান পায়ে। সকলে জ্ঞানক এৰি, জ্ঞানকো নিন্দয় বেঢ়ি মুকুতিক কয় প্ৰবন্ধ। মোৰ এহি অভিপ্ৰায়, | তাৰ পুনু মোঙ্গ নাই, মুছে মুছে ভয় বন্ধ। কোননো পুৰুষ আছে, যোগী বা জ্ঞানী পাছে, কৰ্ম্ম নকৰিয়া কোণ মাত্ৰ। থাকিবাক কৰে ইচ্ছ, তাহাৰ দৰপ মিছা, সিতো কোন নৃপতিৰ পাত্ৰ।