হৰি আৰাধনে কৰ্ম্মে মুগ্ধ কৰি মন।
এহি ব্ৰহ্মা নিষ্ঠাক পাইলেক যিবা জন॥
আউৰ নপৰয় সিতো সংসাৰ গৰ্ভত।
তোমাৰ আগতে মই কহিলোহো তত্ত্ব॥
মৰণ কালতে এহি ধাৰণাক ধৰি।
ক্ষেণ মাত্ৰ থাকে যিতো সঙ্গ পৰিহৰি॥
ব্ৰহ্মত লিন হয়ে দেহ অবসানে।
দ্বিতীয় অধ্যায় সমাপতি এহিমানে॥
কৃষ্ণৰ কিঙ্কৰে কহে ৰত্নাকৰ মিশ্ৰ।
হৰি ভক্তি কৰি তৰা সংসাৰত হৃষ্ট॥
কলিকালে নৰত ভাৰত ভূমিত।
লভিলাহা জন্ম বহু মুকুতি কলিত॥
সাফল কৰিয়ো জন্ম নকৰিয়ে বৃথা।
আন কাম এৰিয়া শুনিয়ো হৰি কথা॥
——
শ্লোক॥ অৰ্জ্জুনায় সুভক্তায় কৰ্ম্মযোগং সুনিৰ্ম্মলং।
কৃপয়োপাদিশৎ তস্মৈ কৃষ্ণায় গুৰুবে নমঃ॥
ঘোষ॥ ৰাম হৰি, সংসাৰে ভয়, খণ্ডিয়ো কৰুণাময়,
চৰণে শৰণ লৈলো বাপ।
তোমাৰ নুশুনি কথা, বিষয় কৰিলো বেথা,
হৃদয়ে নখণ্ডে সদা তাপ॥
পদ॥ অৰ্জ্জুনে বেলন্ত স্বামী তোমাৰ বাক্যত আমি,
ভাল মতে নুবুজিলো মৰ্ম্ম।
জ্ঞান বৰ্গ ধৰি আতি, মোহময় বান্ধ কাটি,
পাছে কিয় আচৰিব ধৰ্ম্ম॥
কৰ্ম্মযোগ পৰিহৰি, জ্ঞানযোগ তুলি ধৰি,
মনে যেবে দেখা শ্ৰেষ্ঠতৰ।
কাটন ছিঙ্গন কৰ্ম্ম, ক্ষেত্ৰিয়ৰ নিজ ধৰ্ম্ম,
বুলি মোক পাঞ্ছা দামোদৰ॥