সেহি মতে নিমিলিত চক্ষু যোগীগণ।
বিষয়ক লাগি তাৰ নচলয় মন॥
ঈশ্বৰক বিষয় স্থিৰ দৃষ্টি ভৈলা যাৰ।
আকো থিতপ্ৰজ্ঞ বুলি জানা সাৰে সাৰ॥
জ্ঞানীৰ দৃষ্টি যেবে নাহি বিষয়ত।
কেন মতে ভুঞ্জে বিষয়ক যত যত॥
ইহাত সংশই যেবে মিলে অতিৰেক।
মাধৱে বোলন্ত তেবে শুনিয়ো প্ৰত্যেক॥
যেন নানা নদী জলে সাগৰ পূৰিত।
তীৰক লক্ষিয়া নচলয় কদাচিত॥
আনো তাত প্ৰবেশয় নানা বিঘ্ন যত।
তথাপি সাগৰ জল দেখিয় সকল॥
ঈশ্বৰত দৃষ্টি আন ভিতি নচলয়।
যথা যোগ্য বিষয়ক ভোজন কৰয়॥
পূৰ্ব্ব বাসানায়ে আসি মিলয় যত ভোগ।
তাকে পুনু যি মুনিৰ নাহিকে উদ্যোগ॥
তথাপিতো যিতো মুনি নচলয় মতি।
সেহি মুনি জানা সখি পাইলেক মুকুতি॥
যাৰ মন বিষয় কৰিলে আকুলিত।
তাৰ পুনু মুকুতি নাহিকে কদাচিত॥
বিষয়ক পাই যিতো নোহে হৰিষিত।
নাপালিয়ে বঞ্ছা নকৰয় কদাচিত॥
মই কৰো বুলি নাহি সন্তোষ মনত।
যাৰ দৃষ্টি নুগুচই সদা ঈশ্বৰত॥
পূৰ্ব্ব কৰ্ম্ম ফলে যিতো ভোগ মিলে আসি।
সবাকে ভুঞ্জে চিত্তে নুহি অভিলাসি।
সেহিতে পুৰুষে ভৱ সমুদ্ৰৰ পাৰ।
অপ্ৰয়াসে হোৱে তুমি জানা সাৰে সাৰ॥
ব্ৰহ্ম বিষয়ত সখি নিষ্ঠা যাক বুলি।
কহিলো তোমাত সৰ্ব্ব শাস্ত্ৰ অৰ্থ তুলি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৫২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭১
গীতা-কীৰ্ত্তন।