পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৬৯
গীতা-কীৰ্ত্তন।

কোননো লক্ষণ স্থিৰ বুদ্ধি বুলি তাক।
সাক্ষাতে স্বৰূপে তুমি বুজাও আমাক॥
কিবা বোলে কেন মতে থাকে আসনত।
কেন মতে চিন্তে কেনে ফুৰে সংসাৰত॥
সকলে কহিয়ো মোত বুজাই নিশ্চয়।
কৃপাৰ বিষয় যদি হও ধনঞ্জয়॥
অৰ্জ্জুনৰ বাণী শুনি দেৱহৃষিকেশ।
বোলন্ত কহয়ো সখি শুনিয়ো নিশেষ॥
পুত্ৰ দাৰা ধন জন স্বৰ্গ আদি কৰি।
পৰম আনন্দ কৰি যাকে যাকে ধৰি॥
মল যে নুগুচে সৰ্ব্বদাই প্ৰেমৰাগি।
কৰ অবিৰোৰ্দ্ধ যিতো বিষয়ক লাগি॥
হেন সব বিষয়ত এৰি অনুৰাগি।
ব্ৰহ্মানন্দে তুষ্ট হুয়া কৰে পৰিত্যাগি॥
যেন ঘোল এৰে অমৃতৰ স্বাদ পাই।
বিয়ষক লাগি মন খানিকো নযাই॥
সদায়ে সন্তোষ মন হয়ে যিবা জনে।
থিৰ বুদ্ধি বুলি সখি এতেক লক্ষণে॥
দুখ ভৈলে ব্যাকুলিত নোহে যাৰ চিত।
সুখ ভৈলে আনন্দ নকৰে কদাচিত॥
কাম ক্ৰোধ ভয় প্ৰিতি নাহিকয় যাৰ।
তাকে স্থিৰবুদ্ধি বুলি জানা সাৰে সাৰ॥
পুত্ৰ মিত্ৰ জনত নাহিকে যাৰ স্নেহ।
অভিমানে যি জনে নকৰে নিজ দেহ॥
প্ৰশংসা নকৰে যিতো অনুকুল পাই।
প্ৰতিকুল পায় নিন্দা নকৰে সদাই॥
উদাসিন ভাৱে থাকে বুদ্ধিত নিপুণ।
আকে থিৰ বুদ্ধি বুলি জানিবা অৰ্জ্জুন॥
একাদশ ইন্দ্ৰিয়ক বিষয়ৰ পৰা।
যিবা জনে আকেবসি আনে আতি দ্বাৰা॥