পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


গীতা কীৰ্ত্তন।

ঘোষা ॥ পায়ে পৰো যদুদেৱ কহিয়ো উপাই।
 বিষয় বেদনা দুখ সহন নাযাই॥

পদ॥

বহুতৰ লোকে যাক কৰে বহুমান।
তাহাৰ দুৰ্যশ মৰণত কৰি টান ॥
ভয়ে তুমি পলাই যাহা বুলিবেক লোক।
গুণি চাহ আত পৰে আছে কোন শোক॥
যেবে মৰা স্বৰ্গ পাই ধৰ্ম্ম যুদ্ধ কৰি।
জিনা যেৰে ভুঞ্জিবা অখিল বসুন্ধৰি॥
হেন জানি কুন্তী তনয় ধনঞ্জয়।
যুদ্ধক উদ্যোক কৰা কৰিয়া নিচয়॥
নকৰা বিমন তুমি ভাসভুস মিছা।
মনত এৰিয়া সুখ লাভ জয় ইচ্ছা॥
স্বধৰ্ম পালিয়া যুদ্ধ কৰা সব্যসাচী।
নপাইবে পাতেক মই কহিলন্ত বাচি॥
আগত কহিলো আনোত জ্ঞানবিত।
এবে ধৰ্ম্ম যোগ কহো থিৰ কৰা চিত॥
ঈশ্বৰত কৰ্ম্মফল অৰ্পণাক কৰি।
চিত্ত শুদ্ধি কৰি যাইবা ভয় ভব তৰি॥
ঈশ্বৰত অৰ্পি কৰ্ম্ম কৰয় সকল।
আৰম্ভ মাত্ৰকে তাৰ পাৱে পূৰ্ণ ফল॥
বিঘ্নেত নাপায়ে তাৰ প্ৰাত যে প্ৰদেশ।
মিত্ৰ জানি তোমাত কহয়ো উপদেশ॥
অপৰ্ণা কৰ্ম্মত যিতো ভৈলেক সমুখ।
বিহাৰায়ে বিয়ে যদি হুয়া বহু দুঃখ॥
উযোগ মাত্ৰকে যত ফল বিদ্যমান।
সেহি ফলে সংসাৰতে কৰে পৰিত্ৰাণ॥