পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫৫
ব্ৰহ্মগীতা।

সত্য কৰি কৈলো সখি কৰা দৃঢ় মতি।
আক নামানিলে লোক যাইব অদ্ধগতি॥
অৰ্জ্জুনে প্ৰণামি দুনাই পুচন্ত কৃষ্ণত।
কহিওক স্বামী বৈষ্ণৱৰ কেন তত্ত্ব॥
নিৰ্গুণ তত্ত্বৰ কেন বৈষ্ণৱ আচাৰ।
ভৃত্য হেন মানি মোত কৰিও প্ৰচাৰ॥
মাধবে বোলন্ত সখি শুনা ধনঞ্জয়।
শুনিওক কহো সখি বৈষ্ণৱ অন্নয়॥
নাম কৰ্ম্ম ভকতি ধৰিব কৰি তত্ত্ব।
তেবেসে মুখ্যত হুয়া ৰহিব ব্ৰহ্মত॥
নাম কৰ্ম্মত ভকতি যে বৈষ্ণৱ আচাৰ।
ধৰিব সুদৃঢ় জ্ঞান ভকতি বিচাৰ॥
তিনিকো কৰিব এক নকৰিব ভিন্ন।
সেহিসে উত্তম সখি ভকতৰ চিন্ন॥
কৃষ্ণে কহন্ত কথা অৰ্জ্জুন আগত।
নাম কৰ্ম্ম ভকতিসে বৈষ্ণৱৰ তত্ব॥
তিনি মিলি জীয়ু মুক্ত সংসাৰ আচাৰ।
সত্যে সত্যে কৈলো মই পৰম বিচাৰ॥
ব্ৰহ্ম জ্ঞান কৈলো এহি জানা স্বৰূপত।
তিনি মিলি জীয়ু মুক্ত বৈষ্ণৱ ধৰ্ম্মত॥
সিকাৰণে বৈষ্ণৱেসে হৃদয় আমাৰ।
পৰম বিচাৰ তত্ত্ব কৰিলো প্ৰচাৰ॥
মাধৱে বোলন্ত সখি শুনা মোৰ বাক্য।
বৈষ্ণৱ বুলিয়া কেহু নমানিবে যাক॥
নাম কৰ্ম্ম ভকতিত পৰম উৎসৱ।
নিশ্চয় জানিবা সখি সেহিসে বৈষ্ণৱ॥
তোমাত কহিলো সত্য বৈষ্ণৱ অন্নয়।
বৈষ্ণবেসে বিষ্ণু সখি জানিবা নিশ্চয়॥
নাম ধৰ্ম্ম ভকতি ধৰিব দৃঢ় কৰি।
তেবেসে বৈষ্ণৱ যাইব সংসাৰ নিস্তৰি॥