পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৪২
অসমীয়া সাহিত্যৰ চানেকি।

কুৰ কুটা চুলি পৰে গৰুধূলি,
কুকুহা পৰিয়া যাই।
গোটা গুটি কৰি জটা বান্ধি আছে,
তৈল মাথে দেখা নাই॥
কথাক কহন্তে ক্ৰন্দন আলয়,
যত অপমান পাইবোঁ।
যেবে হওঁ মই বাপেকৰ পুত্ৰ,
তোমাক আবে কলাইবোঁ॥
কংস মমাই আৰ সাৰথি আছই,
শুনিলে নিবে মাতাই।
ইতো অপমান সকলে সুজিবোঁ,
মথুৰা পুৰীক যাই॥
দৈৱকী মাৱত মোৰ বৰ লুলি,
থাকিবো তাহান পাশে।
আমাক দেখিবে লাগিয়া তোমাৰ,
বৰ হুইবে হাবিলাস॥
কৃষ্ণৰ বচন শুনিয়া যশোদা,
পুনু মাতে পাশ চাপি।
এৰ হাবিলাস মোৰ মাথা খাস,
নকান্দিবা মোৰ বাপি॥
মই অভাগীৰ ইবাৰ দোষক,
মৰষিও বনমালী।
আনকাল যদি দোষ দেখা মোৰ,
পাৰিবাহা মোক গালি॥
মাৱৰ বচন শুনিয়া কৃষ্ণৰ,
হৰষিত ভৈলা মন।
একে ডেৱে গৈয়া কোলাত চৰিয়া,
পিবাক লাগিলা স্তন॥