পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৩৯
দ্ৰোণ পৰ্ব্ব।

তেবে তাৰ অস্ত্ৰে পৰি যাইবো ব্ৰহ্মলোক।
সমুখ সমৰে মৰি তাত কোন শোক॥
ইসে মহাদুখ গুৰুঘাটি বোলে মোক।
তোৰ কৰ্ম্মচয় নজানয় যেন লোক।

বাসবৰ সখি ভগদত্ত নৃপবৰ।
পিতৃৰ সখিয়ে সিতো বাপ সমসৰ॥
তাৰ বধ কালে ধৰ্ম্ম নাছিল মনত।
আজি বৰ ধনঞ্জয় হৈল ধৰ্ম্মৱত॥

জ্ঞান বৃদ্ধ বয়ে বৃদ্ধ সৰ্ব্ব গুণান্বিত।
সম্বন্ধতো পিতামহ জগতে বিদিত॥
অন্নে আচ্ছাদনে পাঞ্চো ভাইক পুষিলন্ত।
সবাতো অধিক তোক স্নেহ কৰিলন্ত॥

হেন ভীষ্ম বধ কালে ধৰ্ম্ম নস্মৰিলি।
আজি ধনঞ্জয় তই ধৰ্ম্মশীল হৈলি॥
পাণ্ডবৰ ক্ষেত্ৰ বাসবৰ বীৰ্য্যে জাত।
বলবীৰ্য্য পৰাক্ৰম জগতে প্ৰখ্যাত॥

তথাপি আগতে তোৰ দুষ্ট দুঃশাসন।
দ্ৰৌপদীক সভাত কৰিল বিবসন॥
সি কালত ক্ৰোধ তোৰ নহৈল তাহাক।
দ্ৰোণ বধে বাৰম্বাৰ নিন্দস আমাক॥

সম্বন্ধত থাকিয়া তোহোৰ ভৈলো বশ।
সি কাৰণে মোক বহুবাৰ কদৰ্থস॥
কৰ পাৰি কুঞ্জৰে তোলয় মাহুতক।
উপৰত উঠি সেই মনুষ্যে গজক॥

বচনে প্ৰহাৰে কতো অঙ্কুশে খোচয়।
তোৰ ঠাই আসি মোৰ হৈল হেননয়॥
ক্ৰূৰ দ্ৰোণে মাৰিলেক পিতৃক পুত্ৰক।
অসংখ্যাত ক্ষত্ৰীগণ বান্ধব বৰ্গক॥