পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৪২
অসমীয়া সাহিত্যৰ চানেকি।

কৰস্তোক ৰাজ্য পালন্তোক সন্ত লোক।
ধৃতৰাষ্ট্ৰ মন্দমতি পাউক পুত্ৰশোক॥
এহি মতে গৰ্জ্জন্তে আছন্ত বৃকোদৰ।
অনন্তৰে ধৃষ্টদ্যুম্ন ক্ৰোধে বীৰবৰ॥

পূৰ্ব্বে নৃসিংহক যেন হিৰণ্য কশিপু।
সেহি মতে তৰ্জ্জিয়া গৰ্জ্জিয়া দেব ৰীপু॥
বোলন্ত অৰ্জ্জুন শুন বচন আমাৰ।
কিসক নিন্দস শাস্ত্ৰ নকৰি বিচাৰ॥

যাৰ যেন জাতি ধৰ্ম্ম তাকেসে কৰিব।
পৰৰ ধৰ্ম্মক কদাচিতো নাচৰিব॥
ব্ৰাহ্মণ জাতিৰ ধৰ্ম্ম পঢ়ন পঠন।
যাজন যজন ধন প্ৰতিগ্ৰহ দান॥

তাক এৰি কৰে দ্ৰোণে ক্ষত্ৰিয়ৰ ধৰ্ম্ম।
ব্ৰহ্ম অস্ত্ৰে মাৰি সেনা কৰিল অধৰ্ম্ম॥
পৰধৰ্ম্ম কৰে যিতো সেহিসে পাষণ্ড।
এতেকে কৰিলোঁঁ মই যথোচিত দণ্ড॥

বিশেষত দ্ৰোণ বধে যত জন্মিলোঁ।
প্ৰতিজ্ঞা সফলি দ্বিজাধমক বধিলোঁ॥
পিতৃৰ পুত্ৰৰ ঋণ শুজিলোঁ স্বধৰ্ম্মে।
উদ্ধাৰিলো সত্য ধৰ্ম্ম নৃপতিৰ কৰ্ম্মে॥

ৰথত থাকন্তে কাটিলও খাণ্ডা হানি।
তেবে কেনে আমাক বোলস নিন্দা বাণী॥
অধৰ্ম্মীক ধৰ্ম্মী বুলি কৰয় কথন।
কালকূট বিষ সম সি সব বচন॥

ধৰ্ম্মীক অধৰ্ম্মী যিতো পুৰুষে বোলয়।
হৰে পূৰ্ব্ব পুণ্য তাৰ অধৰ্ম্ম হোৱয়॥
আসে অশ্বথামা পিতৃ শোকে যুজিবাক।
নোৱাৰোহো যদি আপোনাক ৰাখিবাক॥