পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২২১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৪০
অসমীয়া সাহিত্যৰ চানেকি।

যুধিষ্ঠিৰ নৃপতি নজানে ধৰ্ম্মাধৰ্ম্ম।
নাৰায়ণে কিছু নজানন্ত তত্ত্ব মৰ্ম্ম॥
জটী সতী ব্ৰহ্মচাৰী বনবাসী যত।
নজানে ধৰ্ম্মক তাৰা সবে স্বৰূপত॥

দ্ৰোণেসে জানন্ত মাত্ৰ ধৰ্ম্মৰ বিচাৰ।
এতেকেসে ব্ৰহ্ম অস্ত্ৰ কৰিয়া প্ৰহাৰ॥
অসংখ্যাত ক্ষুদ্ৰ ক্ষত্ৰিগণ বিনাশিলা।
যেন হুতাশন ভক্ষ্যাভক্ষ্যক বাচিলা॥

অভিমন্যু কুমাৰ আমাৰ প্ৰাণ প্ৰায়।
বধিলেক দ্ৰোণে তাকো কৰিয়া উপায়
তথাপি বোলাসা ইষ্ট ধৰ্ম্ম নিষ্ট দ্ৰোণ
আমাক নিন্দিয়া ভাল বখানাহা গুণ॥

ব্ৰাহ্মণৰ ক্ষত্ৰিয়ৰ ধৰ্ম্ম যেন মত।
পূৰ্ব্বত শুনিছো ব্যাসদেৱৰ মুখত॥
কায় দণ্ড মন দণ্ড দণ্ড বচনৰ।
ইসব প্ৰমুখে জাতি ধৰ্ম্ম ব্ৰাহ্মণৰ॥

ক্ষত্ৰিয় সকলে ধৰ্ম্ম ৰক্ষা কৰিবেক।
সমৰত দাৰুণ প্ৰহাৰ সহিবেক॥
মাৰিবেক শত্ৰু সত্য প্ৰতিপালিবেক।
তেবে তাৰ যশ কীৰ্ত্তি ধৰ্ম্ম বাঢ়িবেক॥

অচিৰ কালতে সিতো হবে ক্ষিতিপতি
হেন ক্ষত্ৰিয়ৰ ধৰ্ম্ম জানিয়া সম্প্ৰতি॥
তথাপিতো আমাক কিসক কৰা কষ্ট।
পৰধৰ্ম্ম আচৰিলে ধৰ্ম্ম হৈল নষ্ট॥

পৰধৰ্ম্ম আচৰন্তে পিন্ধিলও চাল।
পৰধৰ্ম্মে বনত বঞ্চিলো চিৰকাল॥
পৰধৰ্ম্ম আচৰণে দুষ্ট দুঃশাসন।
দ্ৰৌপদীক সভাত কৰিল বিবসন॥