পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২২০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৩৯
দ্ৰোণ পৰ্ব্ব।

নাজানি তোমাক লোকে বোলে ধৰ্ম্মৰাজ।
ধৰ্ম্মক দেখায়া মাত্ৰ আচৰা অকাৰ্য্য॥
পিতৃ যেন পুত্ৰক কৰয় প্ৰতিপাল।
সেহি মতে আমাক আচাৰ্য্যে চিৰকাল॥

দুঃখ সময়ত প্ৰতিপাল পুত্ৰৱত।
শিখায়াছে সবে দিব্য অস্ত্ৰ আছে যত॥
এবো সিটো উপকাৰ নোলোৱা মনত।
বধিলা অধৰ্ম্মে অল্প ৰাজ্যৰ লোভত॥

বন্ধুবধ শোকে ক্ৰোধ কৰি বিপৰীত।
আসে অশ্বত্থামা খেদি সবাকে বধিত॥
এবে তাঙ্ক নিবাৰণ কৰিয়া ৰণত।
ৰাখা পাঞ্চালক যদি আছয় শকত॥

মই নুযুজিবো অশ্বত্থামাক সম্প্ৰতি।
তানে অস্ত্ৰ ঘাৱে মৰো হৌক সদগতি॥
ভাৰ্য্যা পুত্ৰ মিত্ৰ বন্ধু বান্ধব যতেক।
সবাতে অধিক মোত প্ৰেম আছিলেক॥

হেনয় গুৰুক ৰাজ্য লোভে সংহৰিয়া।
অদ্য্যপি জীৱন্তে আছে প্ৰাণ নেতেজিয়া॥
ইতো পাপে নৰক ভুঞ্জিবো চিৰকাল।
এতেকে জীয়াত কৰি মৰণেসে ভাল॥

এতেক বোলন্তে শোক অগ্নি গৈল জ্বলি।
অসন্তোষে অধোমুখে ৰৈল মহাবলী॥
দেখি ৰাজাগণে কেৱে নেদিলা উত্তৰ।
মৌনে ৰহিলন্ত যুধিষ্ঠিৰ নৃপবৰ॥

নুবুলিলা প্ৰিয় কিছু অপ্ৰিয় বচন।
পাছে ভীমে ক্ৰোধে তাৰু কৰি নিৰীক্ষণ॥
বোলন্ত অৰ্জ্জুন শুন বচন আমাৰ।
কিসক কৰহ নৃপতিক অহঙ্কাৰ॥