পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৩৮
অসমীয়া সাহিত্যৰ চানেকি।

দ্ৰোণ বধে কুৰুগণ লভিয়া বিষাদ॥
পলাই গৈয়া পুনৰপি কৰে সিংহ নাদ॥
আসে সমদলে সাজি পৃথিবী কম্পায়।
তাসম্বাৰ হৈল কি বাসব সহায়॥

দেখা কত গৃহে খেদি আসে কুৰুচয়।
গুচায়ো অৰ্জ্জুন মোৰ মনৰ সংশয়॥
অৰ্জ্জুনে বোলন্ত ধৰ্ম্মৰাজ মহাশয়।
আসন্ত আমাক খেদি দ্ৰোণৰ তনয়॥

যাৰ জন্ম কালে গুৰু আনন্দ মনত।
দিল দিব্য ধেনু ব্ৰাহ্মণক দশ শত॥
উপজিয়া যিতো ঘোৰ হেসনি কৰিল।
যাক শুনি স্বৰ্গ মৰ্ত্ত্য পাতাল কপিল॥

সি কাৰণে হৈল তান অনুৰূপ নামা।
জগত বিদিত প্ৰতিষ্ঠাত অশ্বত্থামা॥
আচাৰ্য্যৰ বধে নিজ বীৰ্য্য দৰশাই।
আসে অশ্বত্থামা ক্ৰোধে অন্তক পৰাই॥

তান্ত গহে আসে আনো কুৰুবীৰ যত।
বজাই বাদ্য ভাণ্ড সবে নিৰ্ভয় মনত॥
হেন জানি যেন যোগ্য কৰিয়ো আপুনি
কৰিলা অধৰ্ম্ম অকাৰণে জানি শুনি॥

পৰম পণ্ডিত সুবলিত ধৰ্ম্মৱন্ত।
জানিয়া তোমাত আসি ধৰ্ম্মে পুছিলন্ত॥
তুমি তাত মিছা কথা কহিলা সাক্ষাত।
তোমাৰ কথাত গুৰু কৰিলা সঞ্জাত॥

অস্ত্ৰ শস্ত্ৰ এৰি শোকে বসিলা ৰথত।
সেহিবেলা ধৃষ্টদ্যুম্নে ধৰিয়া কেশত॥
কাটিলেক শিৰ নুশুনিয়া মোৰ হাক।
দহয় হৃদয় শোকে সুমৰন্তে তাক॥