পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৭
দ্ৰোণ পৰ্ব্ব।

আছোক মনুষ্য দেৱগণো নজানয়।
পৰম অমোঘ অস্ত্ৰ আমাত আছয়॥
পূৰ্ব্বে চিৰকাল পিতা তপ আচৰিল।
তুষ্ট হুয়া নাৰায়ণে বৰ প্ৰলোভিল॥

শুনিয়া সন্তোষে কৰষোৰ কৰি হস্ত।
বোলন্ত দিয়োক মোক নাৰায়ণ অস্ত্ৰ॥
হেন শুনি ভকত বৎসল ভগৱন্ত।
দিয়া দিব্য অস্ত্ৰ পাছে বাক্য বুলিলন্ত॥

অস্ত্ৰবলে অবধ্যক পাৰি বধিবাক।
কিন্তু যাকে তাকে তুমি নামাৰিবা আক॥
শত্ৰুগণ আসি যদি মাগয় শৰণ।
নবধিবা তাকো অস্ত্ৰে কৰিবা ৰক্ষণ॥

অস্ত্ৰ শান্ত কৰিবাৰ এহিসে উপায়।
আন মতে নিবাৰন্তা ত্ৰিভুবনে নাই॥
এহি বুলি অস্ত্ৰ দিয়া গৈলা নিজলোক।
সেই দিব্য অস্ত্ৰ পিতৃ শিখাইছন্ত মোক॥

আজি নাৰায়ণ অস্ত্ৰ কৰিয়া প্ৰহাৰ।
কৈকেয় পাঞ্চাল মৎস্য কৰিবৰ সংহাৰ॥
মিত্ৰ দ্ৰোহী গুৰু দ্ৰোহী পাণ্ডুগণ যত।
সবাকে বধিবে আজি ঘোৰ সমৰত॥

শচীপতি ইন্দ্ৰে যেন দৈত্য দানবক।
ময়ো সেহি মতে আজি বধিবো শত্ৰুক॥
যেন যেন বাঞ্ছা মই কৰিবো মনত।
সেই সেই মতে শৰ পৰিবে সৈন্যত॥

এহি বুলি মৌনে ৰহিলন্ত দ্বিজবৰ।
শুনিয়া কৌতুক বৰ হৈল কৌৰবৰ॥
অসংখ্যাত বাদ্য ভাণ্ড ৰোল উথলিল।
শুনি ধৰ্ম্মৰাজে সব্যসাচীক পুছিল॥