পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৬
অসমীয়া সাহিত্যৰ চানেকি।


মন্ত্ৰে সমন্বিতে দেবঅস্ত্ৰ সুৰঅস্ত্ৰ।
শিষ্য হুয়া কুন্তী পুত্ৰে শিখিছে সমস্ত॥
তথাপিতো গুৰু বধ কৰিল পাপিষ্ঠ।
এতেকে তোমাত ৰাজা কহো নিষ্টে নিষ্ট॥

যুধিষ্ঠিৰ ৰাজাৰ যে শিৰৰ শোণিত।
শৰৰ প্ৰভাৱে ছেদি পেলাইবো মহীত॥
নাহিকে মোহোৰ দুঃখ পিতৃ মৰণত।
যিহেতু নিবাস ভৈল ব্ৰহ্ম ভুবনত॥

পাপিষ্ঠ পাঞ্চালে মোক অনাদৰ কৰি।
কাটিলা পিতৃৰ শিৰ কেশ কৰে ধৰি॥
ইহাতেসে অধিক দহয় হিয়া শোকে।
কিসক কৰিব পুত্ৰ ইচ্ছা আন লোকে॥

এতেকে নৃপতি মই কৰো অঙ্গীকাৰ।
চলে বলে পাঞ্চালক কৰিবো সংহাৰ॥
সম্মুখ সমৰে যদি বধন নাযায়।
অৱশ্যে মাৰিবো তেবে কৰিয়া অন্যায়॥

যদ্যপি নোৱাৰে ধৃষ্টদ্যুম্নক বধিতে।
জপ তপ যজ্ঞ যত কৰিছোঁ সুকৃতে॥
সকলে বিফল তেবে হৈবেক আমাৰ।
বাহুবল অস্ত্ৰবল বিক্ৰম ধিক্কাৰ॥

আপোনাৰ বিক্ৰম নকহে শ্ৰেষ্ঠ যত।
তথাপিতো কহো মই তোমাৰ আগত॥
তেজস্বীৰ মধ্যে মই সূৰ্য্যৰ সমান।
পুৰাইব দশোদিশ হানি দিব্য বাণ॥

নিপাতিবো ৰণে আজি শত্ৰু সকলক।
প্ৰচণ্ড পবনে যেন উসৃত বৃক্ষক।
একেশ্বৰে তিনিলোক পাৰে জিনিবাক
হেন দিব্য অস্ত্ৰ পিতৃ শিখাইছা আমাক॥