দেখি অশ্বত্থামা দুৰ্য্যোধনত পুছিলা।
পৰম অপ্ৰিয় কথা ৰাজা নকহিলা॥
দ্ৰোণীক দেখিয়া শোক শতগুণ ভৈলা।
বহয় লোতক দুঃখে অধোমুখে ৰৈলা॥
অনন্তৰে কৃপ গুৰু হুয়া যে লজ্জিত।
প্ৰপঞ্চি সমস্ত কথা কহিলা দ্ৰোণীত॥
যেন মতে দ্ৰোণে বীৰগণ সংহৰিলা।
যেন মতে ভীমে গজৰাজক বধিলা॥
যেন মতে বৃকোদৰে দ্ৰোণত কহিলা।
যেন মতে গুৰু যুধিষ্ঠিৰত পুছিলা॥
যেন মতে ধৰ্ম্মংনৃপবৰে কহিলন্ত।
যেন মতে গুৰু অস্ত্ৰ এৰি বসিলন্ত॥
যেন মতে ধৃষ্টদ্যুম্নে ধৰিয়া কেশত।
কাটিলা দ্ৰোণৰ শিৰ সবাৰে আগত॥
সিটো কথা সমস্তে দ্ৰোণীত কৃপে কৈলা।
শুনি অশ্বত্থামা শোকে ক্ৰোধ যুক্ত ভৈলা॥
পাছে নৃপতিৰ মুখ কৰি নিৰীক্ষণ।
নিশ্বাস তেজিয়া হেন বুলিলা বচন॥
শুনা দুৰ্য্যোধন ৰাজা বচন আমাৰ।
পৰম অধৰ্ম্মী ধৰ্ম্ম পুত্ৰ কুলাঙ্গাৰ॥
ৰাজ্যৰ নিমিত্তে মহা পাপ কৰিলেক।
মিছা বুলি আমাৰ পিতৃক বধাইলেক॥
পৰম ধাৰ্ম্মিক হেন দেখায়া লোকত।
নুহিকে ধৰ্ম্মিক ধৰ্ম্ম ধ্বজি স্বৰূপত॥
যেন খণ্টাচাৰে ভাল মন্দ নিবিচাৰে।
ধনৰ লোভত গুৰু ব্ৰাহ্মণক মাৰে॥
সেহি মতে ইটো মন্দমতি যুধিষ্ঠিৰ।
অধৰ্ম্মে কাটি্লা শিৰ আমাৰ পিতৃৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২১৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৫
দ্ৰোণ পৰ্ব্ব।