পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৩৩
দ্ৰোণ পৰ্ব্ব।

মছি আখি মুখ দুঃখে নিশ্বাস তেজিয়া।
ৰহিলেক ৰথে পাছে চিত্তক দঢ়ায়া॥
এৰিলা পুত্ৰৰ শোকে থিৰ কৰি মন।
যোগ চিন্তিবাক প্ৰতি কৰিলা আসন॥

যেতিক্ষণে দ্ৰোণে যোগ চিন্তিবাক লৈলা।
দেখি ধৃষ্টদ্যুম্নে ধনুশৰ পেলাই থৈলা॥
ৰথৰ নামিয়া দিব্য খাণ্ডাখান ধৰি।
দ্ৰোণ বধ অৰ্থে খেদি গৈলা শীঘ্ৰ কৰি॥

দেখি কতো লোকে কৰিলেক হাঁহাঁকাৰ।
কতো কৰিলেক ধৃষ্টদ্যুম্নক ধিকাৰ॥
কুতুহলে কিল কিল পাঞ্চালে কৰিল।
সেনাপতিগণে কাটিবাক নিষেধিল॥

দেখি ধনঞ্জয়ে হাক দিলা বাৰম্বাৰ।
নকাটিবা নকাটিবা গুৰুক আমাৰ॥
ধৃষ্টদ্যুম্নে কাহাৰো নুশুনি হাক ডাক।
খাণ্ডা তুলি যাই দ্ৰোণ শিৰ কাটিবাক॥

ফুটিছে সহস্ৰ শৰে দ্ৰোণৰ শৰীৰ।
ঘাৱ মুখ হন্তে ধাৰে বহয় ৰুধিৰ॥
কৰ্ণমূলে পড়ি আছে সকুঞ্চিত কেশ।
দুৰ্ব্বাদল শ্যাম তনু দেখিতে সুবেশ॥

বয়সত চাৰিশত বৎসৰ দ্ৰোণৰ।
সমৰত ফুৰে যেন ষোড়শ বৎসৰ॥
দশশো দিশ হন্তে চাহি আছে ৰাজাগণ।
বসিয়া আছন্ত ৰথে কৰি যোগাসন॥

ইন্দ্ৰিয় নিয়ামি ব্ৰহ্মে লগাইলেক চিত্ত।
চলি গৈল পঞ্চবাণ হৈগেল লম্বিত॥
প্ৰকাশি গগণ গৈল ব্ৰহ্মাৰ ভুৱন।
নেদেখিলা আনে দেখিলন্ত পাঞ্চজন॥

৮০