পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৩২
অসমীয়া সাহিত্যৰ চানেকি।

তনয়ৰ শোকানলে দহয় শৰীৰ।
বচন সুমৰি সিদ্ধ দেৱতা ঋষিৰ॥
ধনু শৰ এৰিবাক কৰিলন্ত মন।
সেহি বেলা ভীমে আসি বুলিলা বচন॥

নকৰে সমৰ যুদ্ধে ষিতো ক্ষত্ৰিবৰ্গ।
স্বধৰ্ম্ম এড়নে নপাৱয় সিতো স্বৰ্গ॥
এতেকে কৰয় হিংসা আমি স্বধৰ্ম্মত।
তথাপি অহিংসা শ্ৰেষ্ঠ কহিছে শাস্ত্ৰত॥

ভৰদ্বাজ ঋষি ৰাজ জগতে প্ৰখ্যাত।
তুমি মহা ব্ৰহ্মজ্ঞানী তান্তে হন্তে জাত॥
চাৰি বেদ চৈধ্য শাস্ত্ৰ সমস্তে পঢ়িলা।
শুদ্ধজনে চণ্ডালৰ কৰ্ম্ম আচৰিলা॥

পুত্ৰৰ নিমিত্তে উপাৰ্জ্জিবে ধন মান।
ধৰ্ম্মী অধৰ্ম্মীক জপাই সংহৰিলা বাণ॥
সিতো পুত্ৰ মৰি পৰি আছে ধৰণীত।
অন্যায় অৰ্জ্জিত কি কৰিব ধন বিত॥

ভীমৰ বচন হেন শুনি গুৰু দ্ৰোণে।
এড়ি ধনু শৰ খসাই থৈল দুই টোণে॥
পাছে কৰ্ণ কৃপ দুৰ্য্যোধন নৃপতিক।
বুলিলা বচন হেন শুনায়া তিনিক॥

নকৰো সমৰ এৰিলেহে ধনুশৰ।
হেন জানি তোৰা সবে যুদ্ধে যত্ন কৰ॥
কুশল মঙ্গল হৌক পঞ্চ পাণ্ডৱৰ।
লোকক নিৰ্ভয় পাছে দিলা দ্বিজবৰ॥

হৈলন্ত ব্যাকুল পুত্ৰ শোকে আপোনাৰ।
অশ্বত্থামা অশ্বত্থামা বুলি বাৰম্বাৰ॥
দিয়া দীৰ্ঘ ডাক ৰথ মধ্যে পৰি ৰৈলা।
কতোক্ষণ অন্তৰে যে সন্ধুক্ষণ ভৈলা॥