পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২১২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৩১
দ্ৰোণ পৰ্ব্ব।

কিন্তু গজ বোলন্তে সমস্তে সেনাগণে।
দিলেক জোকাৰ বাসুদেৱৰ বচনে॥
অব্যক্তে কুঞ্জৰ বুলিলন্ত নৃপবৰে।
সেহি পাপে চাৰি ঘোৰা তাহান ৰথৰে

তেতিক্ষণে আসি সবে পৰিল ভূমিত।
দেখিয়া সমস্ত লোক ভৈলেক বিস্মিত।
পূৰ্ব্বে পৃথিবীৰ চাৰি আঙ্গুল উপৰে।
ফুৰিছিল ৰথৰ ঘোটক নিৰন্তৰে॥

অশ্বত্থামা হত গুৰু দ্ৰোণে শুনিলন্ত।
পুত্ৰ শোকে জীৱনৰ আশা এৰিলন্ত॥
মহা দুঃখে মনত গুণন্ত দ্বিজবৰ।
অকাৰণে অপৰাধী হৈলো পাণ্ডৱৰ॥

যাহাৰ নিমিত্তে হেন কৰিলে অকাৰ্য্য।
সিতো পুত্ৰ মৰি গৈল যমৰ সমাজ॥
স্বধৰ্ম্মক এৰি পৰ ধৰ্ম্ম আচৰিলোঁ।
ব্ৰহ্ম অস্ত্ৰ প্ৰহাৰিয়া অন্যায় কৰিলোঁ॥

ইহ পৰ লোকে সুখ গুচিল সকলে।
হৈলোহো নৰকী মই নিজ কৰ্ম্ম ফলে।
এহিমতে বিলাপন্তে আছিল ৰথত।
হেন দেখি ধৃষ্টদ্যুম্ন সেহি সময়ত॥

খেদি গৈলা অতি ৰথী নৱ ধনু খান।
মেঘৰ সদৃশ ধ্বনি বজ্ৰ যেন বাণ॥
আশাবিষ সম আৰু শৰ বাচি লৈলা।
দেখিয়া আচাৰ্য্য বৰ ভয়াতুৰ ভৈলা॥

পূৰ্ব্ব দিনে ৰাতি ঘোৰ কৰি সমৰ।
পৰ দিনো হৈল আসি ত্ৰিতয় প্ৰহৰ॥
আছিলেক দিব্য অস্ত্ৰ দেৱতাৰ যত।
নাহিকে টোণত শৰ হৈল সমাপত॥