পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২১১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

দামোদৰ দাস।

মহাভাৰত (দ্ৰোণ পৰ্ব্ব)
দ্ৰোণ বধ।

সঞ্জয় বদতি শুনিয়োক নৃপবৰ।
ধৰ্ম্মৰাজে শুনি হেন বচন কৃষ্ণৰ॥
অনন্তৰে মাথা তুলি বুলিলা বচন।
কৰিবো তোমাৰ আজ্ঞা কমল লোচন॥

সেহি সময়ত গুৰু দ্ৰোণ উপস্থিত।
পুত্ৰৰ কুশল পুছিলন্ত নৃপতিত॥
শুন বাপ ধৰ্ম্মৰাজ বচন আমাৰ।
শিশুকাল হন্তে জানো স্বভাৱ তোমাৰ॥

এতেকে নৃপতি মই আসিলো আপুনি
অশ্বত্থামা তনয়ৰ মন্দ বাৰ্ত্তা শুনি॥
ভীমৰ বাক্যত মোৰ নাহিকে প্ৰত্যয়॥
হেন জানি নৃপতিবৰ গুছায়ো সংশয়॥

চিৰঞ্জীৱ পুত্ৰ মোৰ দেৱতাৰ বৰে।
তাক কেন মতে বধিলন্ত বৃকোদৰে॥
এহি বুলি মৌনে ৰহিলন্ত দ্বিজবৰ।
নিঃশবদে থাকিল পাণ্ডৱ নিৰন্তৰ॥

হেন শুনি অসন্তোষে পাণ্ডুৰ নন্দন।
গুণি গান্থি কতোক্ষণে বুলিলা বচন॥
অধৰ্ম্মক ভয়ে বাক্য নাসয় মুখত।
তথাপি কহিলা অশ্বথামা হৈল হত॥