ভকতীয়া ফকৰা।
১। আগে উঠে গোৰে নামে কায়স্ত বোলই।
| মাজত ভৰি দিলে ককাল ভাগই।
২। যোনি লিঙ্গ নাই তাৰ সত পুত্ৰ হই।
মাকেৰে সতিনী খাতি কুলক ৰাখই।
৩। কথা শুনুতে লাগে ভই।
ভকতক মাৰি ভকতে খাই।
এই কথা পাবলৈ নাই।
৪। মৰাই জীয়াই নহবা কথা।
আপুনি মৰিব লোকৰো খাবা মাথা।
৫। মৰাই মই হবা কথা বতৰা।
| তেহে চিনি আপোন ভতৰা।
৬। গুৰুক মাৰিব। গৰুকো মাৰিব অতিথিক নিদিবা ঠাই।
ভাল ভাল ভকতক টঙ্গনিয়াই মাৰিব। এতেকে হৰিক পাই।
৭। ভকতে কৰে লুটিয়ালুটি।
সংসাৰী মৰে চকু ফুটি।
৮। চোৰ ডকাইতৰ নেৰিবা সঙ্গ।
তেহে মনৰ মিলিব ৰঙ্গ।
৯। মোৰ আগত লচপচ কৰি নেদেখাবি হিয়া।
গাহে দেখিছা লেৰেলা মোক, কেতিয়াও নকৰাও বিয়া।
১০। পোকৰে খাই মুখে হাগে।
| সেই দ্ৰব্য গোঁসাইত লাগে।
১১। জেওৰাই গিলিলে বাৰি, গোহালিয়ে গিলিলে গৰু।
গিদৰ নোমৰে, গোসাই সেৱা কৰে নুবুজা যদি তুমি হে হবা সৰু।
১২। এনে দেখা শুনা নাই।
মাক নওপজোতে জিয়েকে লৰা পাই।
ভকত ভিক্ষা দিও লোৱা।
দহ সঙ্গীয় ভেকোলা মৰি আছে তাৰ কথাকোৱা।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২০৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
