পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২০১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

কৃষ্ণানন্দ দ্বিজ।

পূৰ্ণ ভাগৱত।

নাহি জল নাহি স্থল নাহিকে আকাশ।
নাহি দিন ৰাত্ৰি বায়ু অগ্নিৰ প্ৰকাশ॥
চন্দ্ৰ সূৰ্য্য নাছিলা নাছিলা দিশ পাশ।
তাতে আসি মহাপ্ৰভু ভৈলন্ত প্ৰকাশ॥

শূন্যে শূন্যে আছিলা শূন্যতে অনুপাম।
কিবা শূন্য আছিলা নাহিকে তান নাম॥
শূন্যৰ মলয় বায়ু ঘূৰিবাক লৈলা।
অনেক থানক হেম গুণ্ডিক আনিলা॥

এক পিণ্ড হুয়া সিতো ভ্ৰমিতে লাগিলা।
ভ্ৰমিতে ভ্ৰমিতে তাতে কত কাল গৈলা॥
কত কাল গৈলা তাৰ নিৰ্ণয় নভৈলা।
স্মৃতিক লভিয়া পাছে ৰূপক ধৰিলা॥

যেন অংশে অগ্নি লাগি ভিতৰে জ্বলয়ঁ।
বাহিৰত দেখি মাত্ৰ ধূম্ৰ অতিশয়॥
তৃণ পাইলে সিতো অগ্নি ফেৰি বাজ হয়।
জ্বলিয়া লাগিয়া পাছে ব্ৰহ্মাণ্ড দহয়॥

সেহি মতে ধূম্ৰ পাছে বহিবাক লৈলা।
মলয়াৰ বাওঁ লাগি ফেৰি বাজ ভৈলা॥
আকৃতি নাহিকে তান দিব্য এক মূল।
তেহে ব্ৰহ্মা ভৈল জগতৰ আদি মূল॥