পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১৩
শঙ্কৰ চৰিত্ৰ।

শুনা সভাসদ   হুয়া নিশবদ,
  গুৰুৰ চৰিত্ৰ কথা।
তাহান চৰণে  পশিয়ো শৰণে,
  জন্মক নকৰা বৃথা॥
ঘোৰ পৰলোক  তৈতে কেন হোক,
  দেখিয়ো নেদেখা অন্ধ।
গুৰুৰ সেৱাক  তেজিয়া আনক,
  বিষয় সুখ প্ৰবন্ধ॥
ভাৰ্য্যাত পুত্ৰত  কৰিয়া বিশ্বাস,
  গুৰুত নকৰোঁ ৰতি।
কিনো মহাৰণ্ড  পৰম পাষণ্ড,
  যাইবে সিতো অধোগতি॥
হে গুৰুদেৱ  পাৱে কৰোঁ সেৱ,
  পৰম পাতকী আমি।
জানি মহেশ্বৰ  মোক কৃপা কৰ,
  তুমি মোৰ নিজ স্বামী॥
ভৃত্য হেন মানি  দেৱ চক্ৰপাণি,
  চৰণত দিয়ো ঠাই।
তুমি বিনে মোৰ  পৰম বান্ধৱ,
  ই তিনি লোকত নাই॥
জানি যদুপতি  তুমি বিনে গতি,
  নাই কোনো সাৰে সাৰ।
গুৰু শিষ্য ৰূপে  দুয়োজন আসি,
  জানো ভৈলোঁ অৱতাৰ॥
সভাসদ জন   এৰি আন মন,
  গাওঁ তান গুণ নাম॥
মূঢ় মতি ৰাম   চৰণে কহয়
  ডাকি বোলা ৰাম ৰাম॥