এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৮
অসমীয়া সাহিত্যৰ চানেকি।
হংস ৰূপে মই স্বৰ্গক কম্পাইলোঁ,
ব্ৰহ্মাৰ সভাত ৰৈলোঁ।
মুনি সমন্তৰ সংশয় ছেদিলোঁ,
আত্মতত্ত্ব জ্ঞান কৈলোঁ॥
মুনি সিদ্ধ সবে সাদৰিলে মোক,
প্ৰণামিলা সৃষ্টিকৰে।
আবে আসি মই শ্ৰীকৃষ্ণৰ বেশ,
ভৈলোঁ আসি তযু ঘৰে॥
ব্যাস ৰূপে মই চাৰিও বেদৰ,
কৰিলোঁহোঁ শাখা ভেদ।
জ্ঞান কৰ্ম্ম ভক্তি প্ৰবৃত্তি নিবৃত্তি,
দিলোঁ সবে পৰিচ্ছেদ॥
বেদৰ ৰহস্য ভাগৱত ধৰ্ম্ম,
নিবন্ধিয়া থৈ্লোঁ পুনু।
মূঢ়তো অধিক কৰি আবে তুমি,
মোক বোলা জৰ কানু॥
অসুৰৰ ভয়ে পূৰ্ব্বে দেৱগণে
চিন্তিলে গৈয়া আমাক।
চতুৰ্ভুজ ৰূপে আসি তাৱক্ষণে,
দেখা দি্লোঁ তাম্বাসক॥
মোৰ ৰূপ দেখি চমক লাগিলে,
ত্ৰিদশে পৰিল ঢলি।
আবে তুমি মোক ৰিগুটিয়া মাতা,
কলিয়া কলিয়া বুলি॥
মোহিনী স্বৰূপে, সাগৰ মথিলোঁ,
আসিল লক্ষ্মী বজাই।
ব্ৰহ্মাদিক তেজি, মোক ভজিলেক,
হৃদয়ত দিলো ঠাই॥