পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৯৪
অসমীয়া সাহিত্যৰ চানেকি।

দিহা— হৰি, নাৰে ভালা কান্দে অভাগী বেউলা॥

উঠা উঠা মোৰ প্ৰভু বালা লখিন্দাৰ।
লোহাৰ ঘৰে প্ৰাণ গৈলা নিৰ্বন্ধ তোমাৰ॥
শচী ৰতি দম্ভা অতি ৰম্ভা যে ৰোহিণী।
তোমাৰ আমাৰ ৰূপ দেখে পদ্মামণি॥

চৰাচৰ চন্দ্ৰদেৱ দেৱঋষি গণে।
তোমাৰ আমাৰ ৰূপে জিনে ত্ৰিভুৱনে॥
হেনয় দৈৱৰ দোষে অকাল মৃত্যু তোমাৰ।
ৰাহু আচ্ছাদিলা যেন পূৰ্ণ শশধৰে॥

বিষাদ ভাবিয়া কান্দে স্বামী লৈয়া কোলে।
তোমাৰ মৰণে প্ৰভু নিজীবো সমূলে॥
স্বামী ব্ৰহ্মা স্বামী বিষ্ণু স্বামী মহেশ্বৰ।
স্বামী বিনাই নাৰীৰ গতি নাহি আৰ॥

স্বামী ধৰ্ম্ম স্বামী কৰ্ম্ম স্বামী গুৰুজন।
প্ৰাণৰ বান্ধৱ প্ৰভু স্বামী বৰ ধন॥
স্বামী সঙ্গে যিবা নাৰী অগ্নিত প্ৰবেশে।
আঠ কোটি বৰ্ষ সিতো থাকে স্বৰ্গবাসে॥

হেন কৰ্ম্ম কৰিবাক মোৰ লৱে মতি।
অনলে পুৰিয়া মৰৰ স্বামীৰ সঙ্গতি॥
বেহুলাৰ ক্ৰন্দনে বৃক্ষৰ পত্ৰ সৰে।
পাথৰ গলিয়া যাই মেদিনী বিদাৰে॥

গেৰু ধাৰে পৰে দুই নয়নৰ পানী।
কেচা বৃক্ষ সব ভাঙ্গে বেউলাৰ ৰাও শুনি॥
বিষাদ ভাবিয়া কান্দে সাহেৰ কুমাৰী।
অন্তঃপুৰে থাকি শুনে সনেকা সুন্দৰী॥

সুকবি নাৰায়ণ দেৱৰ সৰস পাঞ্চালী।
বেউলা কান্দন বুলি কৰিলে লেচাৰী॥

⸻⸻