পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৩৬
অসমীয়া সাহিত্যৰ চানেকি।

আসিলোঁ ইবাৰ কৃষ্ণ অৱতাৰ,
ৰঙ্গে আছোঁ তযু ঘৰে।
কাণখোৱা নাম শুনি মোৰ গাৱ,
তৰতৰি কাম্পে দৰে॥
ঘুমতিৰ ছলে নিচুকিয়া মই,
চক্ষু মেলি আছোঁ চাই।
কেনকুৱা গোটে কাণ খাই ফুৰে,
চিনায়ো হাৰলী আই॥
কৃষ্ণৰ বচন শুনিয়া যশোদা,
ভয় হুয়া ৰহি আছে।
একোৱে উত্তৰ দিবাক নপাৰি,
হাসি মাতিলন্ত পাছে॥
মিছা সে বুলিয়া মুখে স্তন দিয়া,
কৃষ্ণক সাবতি ধৰি।
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি,
ডাকি বোলা হৰি হৰি॥

 ঘো্ষা—উঠা উঠা হৰিএ, চান্দবয়ন, অ হৰি হৰি পদ্ম নয়ন, পুহাইল নিশি, মেলা ধেনুগণ, উঠা উঠা হৰিএ॥

উঠিয়ো কৃষ্ণাই হাৰলী বোপাই,
ৰোষ তাপ তেজি মনে।
পুহাইল ৰজনী উঠা যাদুমণি,
বুলি ডাকে শিশুগণে॥
যশোদাৰ বাণী শুনি চক্ৰপাণি,
বোলন্ত নমাতা মাৱ।
তোমাৰ আতাই বোপই বোলন্তে,
নুজুৰাই মোৰ গাৱ॥