পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৭
বেহুলা-লক্ষীন্দৰ।

দুই চক্ষু ডাকিবোঁ লখাই সৰগৰ তৰা।
নাক গোট ডাকিবোঁ বাচা ঢোৰৰ পাকৰা॥
মুখত ডাকিবোঁ লখাই জ্বলয় দৰ্পণ।
জিভা খন ডাকিবোঁ বাচা আৰাৰ বৰণ॥

দশনত ডাকিবোঁ লখাইৰ গুঞ্জৰে ভ্ৰমৰা।
গল গোট ডাকিবোঁ বাচাৰ ভৃঙ্গাৰৰ নলা॥
দুই বাহু ডাকিবোঁ বাচা মোলনৰ নাৰি।
দশ আঙ্গলি ডাকিবোঁ লখাইৰ চম্পাফুলৰ কৰি॥

পিঠিত ডাকিবোঁ বাচা সুৰুজৰ চটা।
বুকুত ডাকিবোঁ লখাইৰ চন্দনৰ পটা॥
কঙ্কালে ডাকিবোঁ লখাই হৰৰ ডম্বৰু।
দুই উৰু ডাকিবোঁ বাচা দলি সমসৰু॥

আঠু ডাকিবোঁ লখাই সুবৰ্ণৰ ঘিলা।
দুই কুম ডাকিবোঁ বাচা কেতকীৰ দিলা॥
দুই ভৰি ডাকিবোঁ লখাইৰ খৰম জুৰিয়া।
এহি বুলি কান্দে কালি গুণক বৰ্ণাইয়া॥

সমলত শৰীৰ বাচা গণিয়া চাহিলোঁ।
তিল মাত্ৰ দোষ তোৰ শৰীৰে নপাইলোঁ॥
তথাপিতো আচৰীব লাগে আজ্ঞা বাণী।
কিমতে এৰাইবোঁ আমি পৰাধীন প্ৰাণী॥

সুকবি নাৰায়ণ দেৱৰ সৰস পাঞ্চালী।
কালিৰ ক্ৰন্দন বুলি একযে লেচাৰী॥

⸻⸻

 দিহা⸺ কালি হৱা সাবধান। যি নাম স্মৰণে ⸺
 হৱে পাপ বিমোচন॥

এত সব কালি নাগে মনত ভাবিয়া।
লখাইৰ শিখৰে নাগ গৈলেক চলিয়া॥