পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮০
অসমীয়া সাহিত্যৰ চানেকি।

দেখন্ত ঋষিয়ে একো নেদে সমিধান।
ক্ৰোধৰ বেগত ৰাজা ভৈল হতজ্ঞান॥
মৰা সৰ্প এক দেখিলন্ত সমীপত।
তাক আনি দিলা ৰাজা ঋষিৰ গলত॥
তান পুত্ৰ শৃঙ্গী শুনি দিলা চণ্ড শাপ।
তাহাঙ্কো সপ্তম দিনে দংশন্তোক সাপ॥
শাপ শুনি শমীকে কৰিয়া মহাখেদ।
দূত পঠাই ৰাজাত জনাইলা বাৰ্ত্তা ভেদ॥
উনবিংশে শাপ বাৰ্ত্তা শুনিয়া নৃপতি।
সাধু মানি বিষয়ত ভৈলা বিৰকতি॥
শৃঙ্গীৰ শাপক কৰ্মদণ্ড মানিলন্ত।
মহাৰঙ্গে গঙ্গাৰ তীৰক চলিলন্ত॥
তহিতে মিলিল গৈয়া যত মহাঋষি।
অৰ্চ্চি আত্মমোক্ষ ৰাজা পুছিলা হৰিষি॥
নানাজনে নানামতে উপদেশ দিলা।
নৃপতিৰ তাহাত সন্দেহ নুগুছিলা॥
পাছে মহামুনি শুক তথা পয়োসাৰ।
দেখি ৰাজা ঋষি সমে কৰি সতকাৰ॥
আসনত বৈসায়া ষড়ৰ্থে পূজিলন্ত।
শীঘ্ৰে আত্মমোক্ষ হেতু পথ পুছিলন্ত॥
ৰাজাৰ প্ৰশ্নক শুনি ব্যাসৰ তনয়।
কহিলন্ত ভাগৱত মোক্ষৰ নিৰ্ণয়॥
প্ৰথম স্কন্ধৰ সূত্ৰ কৰি সমাপতি।
কৃষ্ণৰ কিঙ্কৰ বিষ্ণুভাৰতী বদতি॥
সংক্ষেপ পদত ৰস দিবাক নপাৰি।
মুখ্য মুখ্য কথা মাত্ৰ কহিলো উদ্ধাৰি॥
শ্ৰোতা লোকে আতে বোধ পাইবা সমুদাই।
অজ্ঞানীৰ প্ৰতি সমুদয়ো কাৰ্য্য নাই॥
হেন জানি শুনা ভাগৱত ৰত্ন কথা।
মৰিলে মুকুতি পাইবা নাহিকে অন্যথা॥