পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭৬
অসমীয়া সাহিত্যৰ চানেকি।

নৰসিংহ বামন পৰশুৰাম ব্যাস।
শ্ৰীৰাম শ্ৰীকৃষ্ণ বলদেব জগবাস॥
বুদ্ধ কল্কি সমে এহি অৱতাৰগণ।
ধৰি হৰি ধৰাভাৰ কৰিলা গ্ৰহণ॥
আন সব অৱতাৰ কলা অংশৰূপে।
পৰিপূৰ্ণ ৰূপ কৃষ্ণ কহিলা স্বৰূপে॥
কৃষ্ণ বৈকুণ্ঠক গৈলে মহাধৰ্ম্ম যত।
সমস্তে ৰহিলা হৰি নামৰ মাঝত॥
চতুৰ্থ অধ্যায়ে ব্যাস জনম লভিয়া।
অল্প বুদ্ধি অল্প আয়ু মনুষ্য দেখিয়া॥
চাৰিয়ো বেদৰ কৰিলন্ত শাখা ভেদ।
ইতিহাস পুৰণ ৰচিলা অবিচ্ছেদ॥
তথাপিতো তান মন নোহয় প্ৰসন্ন।
কি কৰিবো বুলি মুনি চিন্তে মনে মন॥
হেন কালে গৈয়া তৈতে নাৰদ মিলিলা।
মনৰ সন্ধিগ্ধ ব্যাসে তাহান্ত পুছিলা॥
কহিলা নাৰদে পাছে তাহাৰ কাৰণ।
যিবা হেতু ব্যাসৰ আকুল কৰে মন॥
পঞ্চম অধ্যায়ে মুনি ব্যাসক বুলিলা।
ইতো তুমি নানা শাস্ত্ৰ পুৰাণ কৰিলা॥
সৰ্ব্ব ধৰ্ম্ম শিৰোমণি কৃষ্ণ গুণনাম।
তাক নবৰ্ণাই তুমি বৰ্ণাইলা সকাম॥
সহজে লুভীয়া লোক সকামী কৰ্ম্মত।
তাতে উপদেশ পাইলা তোমাৰ মুখত॥
প্ৰাণি হিংসা ধৰ্ম্মতে বিহিলা স্বৰ্গসুখ।
কৰিলা লোকক তুমি কৃষ্ণত বিমুখ॥
ষষ্ঠ অধ্যায়ত মুনি ব্ৰহ্মাৰ তনয়।
বোলন্ত নযান্ত জানো ব্যাসৰ প্ৰত্যয়॥
আপোনাৰ প্ৰাক্তন জন্মৰ কথা কৈলা।
যেনমতে সৎসঙ্গৰ হন্তে গতি ভৈলা॥