পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭৩
ভাগৱত ৰত্ন।

অপাৰ সংসাৰ সাগৰৰ সেতু প্ৰায়।
ভজিলোহো হেন ভাগৱতক সদায়॥
শ্ৰীভাগৱত শাস্ত্ৰ বেদান্তৰ সাৰ।
তাৰ ৰস পানে তৃপ্তি ভৈল মন যাৰ॥
সিজনৰ অন্যত্ৰ ৰসত নাহি ৰতি।
হেন জানি পিয়া সবে একচিত্ত মতি॥
পুৰাণৰ সূৰ্য্য ইটো শ্ৰীভাগৱত।
নোহন্ত উদিত যাবে সন্তৰ মাঝত॥
তাৱে অন্য পুৰাণাদি কৰয় প্ৰকাশ।
ৰবিৰ উদয়ে যেন খদ্যোত আভাষ॥
দ্ৰাবিড় উৎকল বঙ্গ বৃন্দাবন কাশী।
অযোধ্যা অবন্তী আদি আনো স্থান বাসী॥
আছয় হৰিৰ ভক্ত যত সাধু সন্ত।
এহি ভগৱতকসে সবে আদৰন্ত॥
পৰম পৰমহংস শ্ৰীশ্ৰীধৰ স্বামী।
ভাগৱত সমুদ্ৰৰ যিতো পাৰগামী॥
লোকৰ কুশল কামে কৰি কৃপাদান।
নিগূঢ়াৰ্থ শ্লোক সব কৰিলা ব্যাখান॥
সিকাৰণে সমস্তে জানিলা ভাগৱত।
ভাষা কৰি প্ৰচাৰিলা ইতৰ লোকত॥
অত্যন্ত কঠিন শাস্ত্ৰ বেদান্তৰ সাৰ।
পণ্ডিতো হোৱয় মোহ আন কোন চাৰ॥
কলিকালে শ্ৰীধৰ স্বামীৰ প্ৰসাদত।
বিদিত ভৈলেক ইটো ভাৰত মধ্যত॥
আনো বুধগণে আৰ টীকাক কৰিলা।
স্বামীৰ টীকাসে সৰ্ব্বদেশে প্ৰচৰিলা॥
যাতে তেন্তে নৃসিংহ দেৱৰ কৃপাবলে।
ভাগৱত ভাবাৰ্থক জানন্ত সকলে॥
সেহি স্বামী দেৱৰ টীকাক অনুসৰি।
ভাগৱত বখানন্ত শঙ্কা পৰিহৰি॥